নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাতিল হ’ব জিএমচিৰ ৭১টা নলা–নর্দমা পৰিষ্কাৰৰ ঠিকাৰ কাম

শীঘ্রে প্রকাশ পাব আনুষ্ঠানিক নির্দেশনা

নিয়মীয়া বাৰ্তা ১৪ জুনঃ গুৱাহাটীৰ নলা–নর্দমা পৰিষ্কাৰৰ বাবে আবণ্টন দিয়া ৭১টা ঠিকাৰ কাম বাতিল কৰিব গুৱাহাটী পৌৰ নিগমে (জি এম চি)৷ দুই–এদিনতে এই সন্দর্ভত যাৱতীয় নির্দেশনা প্রকাশ কৰাৰ সম্ভাৱনা আছে৷ নিগমৰ এক উচ্চস্তৰীয় সূত্রই এই কথা সদৰী কৰিছে৷ উল্লেখ্য যে বাৰিষাৰ প্রাক্ক্ষণত গুৱাহাটীৰ নলা–নর্দমা পৰিষ্কাৰৰ বাবে গুৱাহাটী পৌৰ নিগমে ঠিকা আবণ্টন দিছিল৷ মুঠ ৭১টা পেকেজৰ বাবে পৌৰ নিগমে ১৩৭ কোটি টকা আবণ্টন দিছিল৷ তৎসত্ত্বেও গুৱাহাটীৰ নলা–নর্দমাসমূহৰ পৰিষ্কাৰৰ কাম–কাজ যিধৰণে আগবাঢ়িব লাগিছিল, সেয়া হৈ নুঠিল৷ বৰঞ্চ যথেষ্ট লেহেমীয়া গতিৰে কাম আগবঢ়াৰ ফলত এজাক বৰষুণত মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্রিম বানপানীত বুৰ যোৱাৰ উপক্রম ঘটিছিল৷ সেয়েহে শেহতীয়াকৈ পৌৰ নিগমে নলা–নর্দমা পৰিষ্কাৰৰ বাবে আবণ্টন কৰা পেকেজসমূহৰ দায়িত্ব লাভ কৰা ঠিকাদাৰসকলৰ বিৰুদ্ধে জাননী জাৰি কৰিছিল৷ এই জাননীৰ জৰিয়তে ঠিকাদাৰসকলক কামৰ অগ্রগতিৰ খতিয়ান দিবলৈ নির্দেশ দিছিল৷

ইতিমধ্যে ঠিকাদাৰসকলে প্রতিবেদন দাখিলো কৰিছে৷ কিন্তু তেওঁলোকে কৰা কামক লৈ সন্তুষ্ট নহয় জি এম চি৷ সেয়েহে এই কামসমূহ সম্প্রতি বাতিল কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে জি এম চি কর্তৃপক্ষই৷ অৱশ্যে নলা–নর্দমা পৰিষ্কাৰৰ কামসমূহ বাতিল কৰিলেও নলা–নর্দমাসমূহৰ পৰষ্কাৰৰ কাম জি এম চিয়ে অব্যাহত ৰাখিব বুলি সূত্রটোৱে সদৰী কৰিছে৷ তদুপৰি বাৰিষাৰ পূর্বে নলা–নর্দমাৰ পৰিষ্কাৰৰ কাম আৰম্ভ কৰিবলৈও জি এম চিয়ে সিদ্ধান্ত গ্রহণ কৰিছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে মহানগৰীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰ কৰাৰ বাবে ঠিকা আবণ্টনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ স্বজন–তোষণ আৰু কমিছনৰ অংকত একাংশ ঠিকাদাৰক এই ঠিকাসমূহ আবণ্টন দিয়া বুলি উত্থাপন হৈ আহিছে অভিযোগ৷ ইতিমধ্যে ‘নিয়মীয়া বার্তা’ত কালি জি এম চিৰ ঠিকা আবণ্টন সন্দর্ভত উত্থাপিত অভিযোগসমূহ সবিস্তাৰে প্রকাশ পাইছে৷

You might also like