নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গঁড় নহয় এইবাৰ বান্দৰ-হৰিণৰ চিকাৰত নামিছে চোৰাংচিকাৰী, আমচাঙত ২জনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,  ১৮ নৱেম্বৰঃ সোণাপুৰৰ আমচাং অভয়াৰণ্যত হৰিণা চিকাৰ কৰিবলৈ অহা দুই চোৰাংচিকাৰীক গ্ৰেপ্তাৰ কৰে বনৰক্ষীয়ে। আজি পুৱতিনিশা প্ৰায় ৩ বজাত অভয়াৰণ্যখনৰ ভিতৰত দুয়োজনকে গ্ৰেপ্তাৰ কৰে সোণাপুৰ আৰক্ষী আৰু বনৰক্ষীয়ে।

মেঘালয়ত পঞ্জীয়নভুক্ত এখন টাটা ছুম’ গাড়ীৰে হৰিণ চিকাৰ কৰিবলৈ অহা দুই চোৰাংচিকাৰী মেঘালয়ৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দুয়োজনৰ পৰা হৰিণাৰ মাংস উদ্ধাৰ কৰাৰ উপৰি ৫টা বান্দৰ, দুটা থ্ৰী নট থ্ৰী বন্দুক আৰু ১০জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে।

উল্লেখ্য, আজিৰ এই অভিযানৰ পিছত গঁড় হত্যাৰ সংখ্যা কমিলেও যে অন্য প্ৰাণীৰ হত্য়াযজ্ঞ চলি আছে, সেয়া প্ৰমাণ কৰিলে।

You might also like