নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কবিতাৰে প্রশান্তই এক বিশেষ চিন্তাৰ পৰিচয় দি গৈছে’

মননশীল কবি প্রয়াত প্রশান্ত বিশ্ব শর্মাৰ ওপজা দিন

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ কবিতাৰে জীপাল হ’ল মননশীল কবি, অভিযন্তা প্রয়াত প্রশান্ত বিশ্ব শর্মাৰ ৫১সংখ্যক ওপজা দিন৷ অসম সাহিত্য সভা, জাতীয় আদর্শ শিক্ষা সংসদৰ উদ্যোগত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত প্রয়াত কবিগৰাকীক স্মৰণ কৰি কেইবাগৰাকী কবিয়ে পাঠ কৰে কবিতা৷ এগৰাকী অভিযন্তা হৈও কাব্যিক জগতত বিচৰণ কৰা প্রয়াত প্রশান্ত বিশ্ব শর্মাৰ জন্মদিনটোক প্রতিবছৰে কবিতাৰ দিন ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে অসম সাহিত্য সভাই৷

এই অনুষ্ঠানতে ভাষণ প্রদান কৰি প্রয়াত প্রশান্ত বিশ্ব শর্মাৰ জ্যেষ্ঠ ভাতৃ তথা চিন্তাবিদ–লেখক দিগন্ত বিশ্ব শর্মাই কয় যে এগৰাকী অভিযন্তা ৰূপে প্রতিষ্ঠিত হ’লেও প্রশান্ত বিশ্ব শর্মাই কবিতাতে এক বিশেষ পৰিচয় দি থৈ গৈছে৷ একমাত্র অসমীয়াতে নহয়, ইংৰাজী ভাষাতো তেওঁ কেইবাটাও কবিতা সৃষ্টি কৰিছিল যদিও সেই কবিতাসমূহ হেৰাই গ’ল৷ তেওঁৰ ওপজা দিনটো পালনৰ উদ্দেশ্য হ’ল– তেওঁক আমাৰ মাজত সজীৱ কৰি ৰখা৷ আমাৰ পৰিয়ালৰ মাজত এক সত্তা হিচাপে তেওঁ জীয়াই আছে৷ কিয়নো মহাকবি অৰবিন্দই কৈ যোৱাৰ দৰে– মৃত্যুৰ কোনো বাস্তৱতা নাই, ই এক আৱর্তন, এক প্রক্রিয়া মাত্র৷

উল্লেখ্য যে প্রয়াত প্রশান্ত বিশ্ব শর্মাৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কবিতা পাঠ অনুষ্ঠান সঞ্চালনা কৰে বিশিষ্ট কবি নীলিম কুমাৰে৷ এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা অহা কবিসকলে কবিতা পাঠ কৰাৰ লগতে প্রয়াত প্রশান্ত বিশ্ব শর্মাৰ কবিতাৰ ওপৰত বিশ্লেষণ আগবঢ়ায়৷ ইফালে, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এক স্মাৰক বত্তৃণতাৰো আয়োজন কৰা হয়৷ বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শর্মা পূজাৰীয়ে সঞ্চালনা কৰা ‘অসমৰ খনিজ সম্পদৰ সদ্ব্যৱহাৰৰ সম্ভাৱনা’ শীর্ষক স্মাৰক বত্তৃণতা অনুষ্ঠানত ভাষণ প্রদান কৰি ভাৰতীয় তেল নিগম লিমিটেডৰ মুখ্য গৱেষক চলোমা ইয়ংডোৱে প্রয়াত প্রশান্ত বিশ্ব শর্মাক হীৰাৰ সৈতে তুলনা কৰি কয় যে প্রতিটো ক্ষেত্রতে যথেষ্ট বুদ্ধিমত্তাৰ পৰিচয় দিয়া প্রশান্ত বিশ্ব শর্মাৰ বিয়োগ যথেষ্ট ক্ষতিকাৰক৷

আনহাতে, অইল ইণ্ডিয়া লিমিটেডে অসমৰ প্রতি বৃহৎ সম্ভাৱনীয়তাৰ সৃষ্টি কৰি আহিছে বুলি উল্লেখ কৰি ইয়ংডোৱে কয় যে অইলে ১০ হাজাৰ লোকক প্রত্যক্ষভাৱে নিযুক্তি দিয়াৰ বিপৰীতে ১১ হাজাৰতকৈ অধিক লোকক পৰোক্ষভাৱে জীৱন নির্বাহৰ সুবিধা দিছে৷ বর্তমান কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা এক্ট ইষ্ট পলিচীৰ জৰিয়তেও বিনিয়োগ আৰু নিযুক্তিৰ যথেষ্ট সম্ভাৱনাৰ সৃষ্টি কৰিছে৷ একমাত্র তেলেই নহয়, অসমৰ খনিজাত সম্পদে উদ্যোগীকৰণৰ প্রসাৰতাত বৃহৎ সুযোগ আনি দিব পাৰে৷ অসম আৰু উত্তৰ–পূব এতিয়াও প্রচুৰ পৰিমাণে খনিজ সম্পদৰে ভৰপূৰ হৈ আছে৷ বত্তৃণতা অনুষ্ঠানত ভাষণ প্রদান কৰি আই আই টি, গুৱাহাটীৰ ৰসায়ন প্রযুক্তি বিভাগৰ মুৰব্বী অধ্যাপক ড০ অনুগ্রহ সিঙে কয় যে খনিজাত সম্পদেৰে অসম এতিয়া যথেষ্ট চহকী৷ গেছৰ ব্যৱহাৰেৰে ৰাজ্যখনত কেইবাটাও বৃহৎ উদ্যোগ স্থাপন হ’ব পাৰে৷ কয়লাৰ জৰিয়তে অসমে ৰাজ্যখনৰ অর্থনৈতিক পৰিৱেশ সলনি কৰাৰ সম্ভাৱনা প্রবল হৈ আছে৷

ইয়াৰ পূর্বে অনুষ্ঠানত উপস্থিত থাকি প্রয়াত প্রশান্ত বিশ্ব শর্মাৰ মাতৃ তথা অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে পুত্রৰ সোঁৱৰণত এক কবিতা পাঠ কৰে৷ অনুষ্ঠানত বিধায়ক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি পৰমানন্দ ৰাজবংশী, সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্র শর্মা আৰু প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাও ভাষণ প্রদান কৰে৷

You might also like