নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্কাৰ ফার্ণাণ্ডেজৰ দেহাৱসান

প্রবীণ কংগ্রেছী নেতা–প্রাক্তন কেন্দ্রীয় মন্ত্রী

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ বর্ষীয়ান কংগ্রেছী নেতা, প্রাক্তন কেন্দ্রীয় মন্ত্রী অস্কাৰ ফার্ণাণ্ডেজৰ সোমবাৰে পৰলোকপ্রাপ্তি হয়৷ দেশৰ প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ সংসদীয় সচিব হিচাপে দায়িত্ব গ্রহণ কৰা বর্ষীয়ান কংগ্রেছী নেতা ৰাজ্যসভাৰ প্রাক্তন সাংসদ অস্কাৰ ফার্ণাণ্ডেজ যোৱা জুলাই মাহত বাসগৃহত যোগ কৰি থকা সময়ত অসুস্থ হৈ পৰাত মাংগালুৰুৰ ব্যক্তিগত চিকিৎসালয় এখনত ভর্তি কৰায়৷ পিছলৈ মগজুত ৰক্ত জমা হোৱাৰ বাবে অস্ত্রোপচাৰ কৰাৰ অন্তত আই চি ইউত ভর্তি কৰিবলগীয়া হয়৷ উক্ত অস্ত্রোপচাৰৰ পাছতে চিকিৎসালয়ত ভর্তি হৈ থকা বর্ষীয়ান কংগ্রেছ নেতা ফার্ণাণ্ডেজৰ সোমবাৰে পুৱা দেহাৱসান ঘটে৷ কংগ্রেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ পথ পৰিবহণ মন্ত্রী হিচাপে কার্যনির্বাহ কৰা ফার্ণাণ্ডেজ প্রাক্তন প্রধানমন্ত্রী প্রয়াত ৰাজীৱ গান্ধীৰ অতি ঘনিষ্ঠ হিচাপে থকাৰ পাছত কংগ্রেছৰ সভানেত্রী ছোনিয়া গান্ধীৰ অতি ঘনিষ্ঠ হিচাপে দলীয় কাম–কাজত জড়িত হৈ আছিল৷

১৯৪১ চনৰ ২৭ মার্চত জন্মগ্রহণ কৰা অস্কাৰ ফার্ণাণ্ডেজে বিদ্যালয়–মহাবিদ্যালয় ৰাজনীতিত জড়িত হৈ থকাৰ সূত্রে পিছলৈ সংসদীয় ৰাজনীতিত প্রৱেশ কৰে৷ ১৯৮০ চনত কর্ণাটকৰ উৰুপি লোকসভা সমষ্টিৰ পৰা নির্বাচিত হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ সংসদীয় সচিব হিচাপে কার্যনির্বাহ কৰে৷ ড০ মনমোহন সিং নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ প্রথমটো কার্যালয়ত শ্রম আৰু নিয়োগ ৰাজ্যিক মন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰা অস্কাৰ ফার্ণাণ্ডেজে উৰুপিৰ পৰা ১৯৮৪, ১৯৮৯, ১৯৯১ আৰু ১৯৯৬ চনত লোকসভালৈ নির্বাচিত হয়৷

ইয়াৰ পৰৱর্তী ১৯৯৮ আৰু ২০০৪ চনত ৰাজ্যসভাৰ সাংসদ হিচাপে নির্বাচিত হয়৷ ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে কেন্দ্রীয় মন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰা ফার্ণাণ্ডেজ বাংগালুৰুৰ কাউন্সিল অৱ দ্য ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ দুটা কার্যকালৰ বাবে সদস্য হিচাপে কার্যনির্বাহ কৰে৷ বর্ষীয়ান নেতাগৰাকীৰ মৃত্যুত কংগ্রেছ দলে গভীৰ শোক প্রকাশ কৰি দলে এগৰাকী নিষ্ঠাৱান নেতাক হেৰুওৱাই নহয়, দেশেও হেৰুৱালে এগৰাকী প্রকৃত দেশসেৱক বুলি কয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটযোগে বর্ষীয়ান কংগ্রেছ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী অস্কাৰ ফার্ণাণ্ডেজৰ বিয়োগত শোক প্রকাশ কৰি তেওঁৰ পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷

You might also like