নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সম্পাদক প্ৰহ্লাদ শইকীয়াৰ বিয়োগ

নিয়মীয়া বাৰ্তা,  ১১ মে’ : চৰকাৰী চাকৰিৰ সমান্তৰালকৈ নীৰৱে সাহিত্য চৰ্চা কৰি অহা তথা কেইবাখনো আধ্যাত্মিক ধৰ্মগ্ৰন্থৰ লেখক, শিৱসাগৰৰ বিশিষ্ট নাগৰিক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰাক্তন সম্পাদক, বিদ্যুত বিভাগৰ অৱসৰী কৰ্মচাৰী প্ৰহ্লাদ শইকীয়া (৬৬)ৰ আজি দিনৰ প্ৰায় ২ বজাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। দৈনন্দিন জীৱনত সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনত নিজকে জড়িত কৰি ৰখা সৰবৰহী, মৃদুভাষী, ধৰ্মপৰায়ণ ব্যক্তি তথা অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক, ছাত্ৰ নেতা বিষ্ণুজ্যোতি শইকীয়াৰ পিতৃ প্ৰহ্লাদ শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অসমৰ বিভিন্ন জিলা সমিতি, শিৱসাগৰ জিলাৰ বিভিন্ন জাতীয় সংগঠনৰ লগতে গুণমুগ্ধসকল শোকত ম্ৰিয়মাণ হৈ পৰে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন পদত থাকি ধৰ্মীয় গ্ৰন্থসমূহত নিয়মীয়াকৈ লিখা-মেলা কৰি, শংকৰী সংস্কৃতিৰ চৰ্চা কৰি অহা প্ৰহ্লাদ শইকীয়াই সমাজৰ উত্তৰণৰ দিশত বহু অৱদান আগবঢ়াই গৈছে। শিৱসাগৰ জিলাৰ দিচাংমুখ লেপাই গাঁৱত জন্মগ্ৰহণ কৰি দিচাংমুখ অঞ্চলতে শিক্ষা-দীক্ষা লৈ পৰৱৰ্তী সময়ত বিদ্যুৎ বিভাগত চাকৰি কৰাৰ সূত্ৰে শিৱসাগৰ ফুকন নগৰৰ ৰামচন্দ্ৰ পথৰ স্থায়ী বাসিন্দা হৈছিল। তেওঁ তিনিজন কনিষ্ঠ ভাতৃ, পত্নী, দুজন পুত্ৰসহ এটা বৃহৎ পৰিয়ালক ইহসংসাৰত এৰি গৈছে। তেওঁৰ মৃত্যুত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা সমিতি, গড়গাঁও কলেজৰ অধ্যক্ষ তথা শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি ড০ সব্যসাচী মহন্ত, অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতি, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ, বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা, আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ, আছু নেতা সমীৰণ ফুকন, শিৱসাগৰৰ উদীয়মান যুৱ সমাজকৰ্মী অভিনৱ দত্ত, চুতীয়া জাতি সন্মিলন, সাংস্কৃতিক মহা সভা জিলা সমিতি, স্থানীয় নামঘৰ সমাজ, শিৱসাগৰ জিলা সাহিত্য সভা, শিৱসাগৰ জিলা ছাত্ৰ সন্থা, সামাজিক অনুষ্ঠান উশাহ আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ আজি নিশা নিজা বাসগৃহত আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিৱসাগৰৰ অৰ্ধশতাধিক দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৈ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্তই শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ ইয়াৰ পিছতেই নিশা বহু গুণমুগ্ধৰ উপস্থিতিত স্থানীয় ফুকন নগৰ শ্মশানত প্ৰহ্লাদ শইকীয়াৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like