নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এশ টকাৰ টিকটত ফৰ্চুনাৰৰ গৰাকী হ’ল বিশ্বনাথৰ বীৰেন

বিশেষ বাৰ্তা, ৩ এপ্ৰিলঃ এনিশাৰ ভিতৰত কেবা লাখ টকাৰ গৰাকী হ’ল বিশ্বনাথৰ এজন চাইকেল মেকানিক। আনৰ দোকানত কেইবা বছৰ ধৰি চাইকেল মেকানিক হিচাপে কাম কৰি নিজৰ পৰিয়াল পোহ পাল দিয়া বীৰেণ শৰ্মা নামৰ যুৱক জনৰ হঠাৎ ভাগ্য ফুলিল। অবিশ্বাস্য যেন লাগিলেও কিন্তু এইটোয়ে সঁ‌চা যে আনৰ দোকানত কাম কৰা বীৰেণ এতিয়া কেইবা লাখ টকাৰ মালিক। প্ৰায় ত্ৰিশ বছৰ ধৰি কাম কৰি আজি পৰ্যন্ত নিজৰ সপোন পূৰণ কৰিব নোৱাৰা বীৰেণৰ ভাগ্য উদয় কৰিলে বজালীৰ উপহাৰ কুপনে। উল্লেখ্য যে বজালীৰ ইউনাইটেড ক্লাব,বামাখাটা আঞ্চলিক ৰঙালী বিহু সন্মিলন আৰু বামাখাটা কেণ্ডুগুৰি বজাৰ সমিতিৰ সৌজন্যত তৰুণ সংঘৰ ভৱন নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা ২০২৩-২৪ বৰ্ষৰ উপহাৰ কুপন খেলখন যোৱা ৩০ মাৰ্চত ফলাফল ঘোষণা কৰে। এই ফলাফলতে বিশ্বনাথৰ কালিবাৰীৰ ভাড়াঘৰত থাকি জীৱন নিৰ্বাহ কৰা বীৰেন শৰ্মাই লাভ কৰে প্ৰথম পুৰস্কাৰ ফৰ্চুনাৰ গাড়ী।বীৰেণে অনলাইন যোগে ক্ৰয় কৰিছিল এই উপহাৰ কুপন আৰু ক্ৰয় কৰা উপহাৰ কুপনৰ ক্ৰমিক নং হৈছে ১২৩৩৫২। ইতিমধ্যে বীৰেণে উদ্যোক্তা সমিতিৰ লগত যোগাযোগ কৰি নিদিষ্ট সময়ত নিজ উপহাৰ আনিবলৈ ৰাওনা হয়। বীৰেনে কন্যাৰ নামত ক্ৰয় কৰা এই উপহাৰ কুপনে সমস্ত ঘৰ খনৰে কপাল সলনি কৰিলে।

প্ৰেৰক জয়ন্ত বৰা

You might also like