নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ এপ্ৰিলত হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ

নিয়মীয়া বার্তা, ২ এপ্রিলঃ অসম চৰকাৰে বিশেষ আইন অনুসৰি ২০১৭ চনত হোজাই মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ পিছত প্ৰথমখন দীক্ষান্ত সমাৰোহ অহা ৮ এপ্ৰিলত অনুষ্ঠিত কৰা হ’ব৷ বৃহত্তৰ হোজাই জিলা আৰু ইয়াৰ দাঁতিকাষৰীয়া কাৰ্বি আংলং, ডিমা হাচাও জিলাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ বিদ্যাৰ্থীক উপকৃত কৰি অহা কপিলী-যমুনা উপত্যকাৰ উচ্চশিক্ষা প্ৰতিষ্ঠানখনত সীমিত সম্পদৰাজিৰ অনুকূল ব্যৱহাৰেৰে আঠটা বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়৷ ইতিমধ্যে এক আশানুৰূপসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে৷ এইসকল ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰিবলৈ ৮ এপ্ৰিলত প্ৰথমবাৰৰ বাবে দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছে৷ দীক্ষান্ত সমাৰোহৰ বাবে ইতিমধ্যে ছয় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে৷ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰথমখন দীক্ষান্ত সমাৰোহ সফল কৰিবলৈ ইতিমধ্যে উপাচাৰ্য ডঃ অমলেন্দু চক্ৰৱৰ্তীক লৈ এখনি উচ্চ ক্ষমতাসম্পন্ন কৰ্ণধাৰ সমিতি গঠন কৰা হৈছে আৰু এই সমিতিৰ অধীনত ১৭খন অন্যান্য গুৰুত্বপূৰ্ণ উপ-সমিতি গঠন কৰি দিয়া হয়৷ প্ৰতিখন সমিতিৰ কাম-কাজ পৰ্যালোচনা কৰাৰ বাবে যোৱা ১৯ মাৰ্চত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ সভাগৃহত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত প্ৰতিখন সমিতিয়ে নিজৰ নিজৰ অধীনত থকা কামৰ অগ্ৰগতিৰ খতিয়ান আগবঢ়ায়৷ সভাখনত উপাচাৰ্যই দীক্ষান্ত সমাৰোহৰ সফল ৰূপায়ণ সকলোৰে কৰ্তব্য বুলি কোৱাৰ লগতে ইয়াক সফল কৰিবলৈ শিক্ষক গোট, অনা-শিক্ষক কৰ্মচাৰী, প্ৰাক্তন শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু হোজাইৰ বিশিষ্ট নাগৰিকৰ পূৰ্ণ অংশগ্ৰহণ কামনা কৰে৷ ৮ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম ‘দীক্ষান্ত সমাৰোহ’ বা ‘সমাৱৰ্তন অনুষ্ঠান’ত ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য গোলাব চান্দ কাটাৰিয়া উপস্থিত থাকিব।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like