নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিয়ে কংগ্ৰেছৰ দৰে ফাঁকি দি ভোট নিবিচাৰে : সুৰেশ বৰা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিল : “বিজেপিয়ে যি কৰিম বুলি কয় তাকে কৰে। কংগ্ৰেছৰ দৰে ফাঁকি দি কাম নকৰে। নিৰ্বাচনৰ প্ৰচাৰতো যি কথা কয় তাকে কৰে। কথা দি কথা ৰখাটো বিজেপিৰ বিশেষ চৰিত্ৰ। মই সদায় ৰাইজৰ লগত আছো। কিন্তু প্ৰদ্যুৎ বৰদলৈয়ে ভাৰাঘৰত থাকি নিৰ্বাচন চলোৱা, বিপদৰ সময়ত ৰাইজৰ কাষত নথকা কথাবোৰ ৰাইজে লক্ষ্য কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাইজে যি উন্নয়ন লাভ কৰিছে এই সকলো মিলাই ৰাইজ যিদৰে সভা সমিতিলৈ আহিছে এইবাৰ নগাঁও লোকসভাত বিজেপিৰ জয় নিশ্চিত। এইদৰে মন্তব্য কৰে নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাই। কালি ৰহা বিধানসভা সমষ্টিৰ দক্ষিণপাট, ঘাঁহী, বৰক’লা, তুলসীমুখ, জলাহ আদিত গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ চৰকাৰে ৰূপায়ণ কৰা আঁচনিয়ে জনসাধাৰণৰ অভাৱ পুৰণ কৰিছে বুলি মন্তব্য কৰে। ইয়াৰ বাবে তৃতীয়বাৰলৈ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব আৰু ময়ো সাংসদ হ’ব পাৰিম বুলি মন্তব্য কৰে প্ৰাৰ্থী সুৰেশ বৰাই। লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাই হিন্দী, ইংৰাজী ভালকৈ ক’ব নোৱাৰে আৰু তেওঁ সাংসদৰ এটা সংখ্যাহে হৈ থাকিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত সুৰেশ বৰাই কয় যে মাজতে ভূপেন বৰাৰহে হিন্দী কোৱাক লৈ বিতৰ্ক হৈছিল। তেওঁ এনে কথা ক’লে ভাল নালাগে। এনেই ভূপেন দাক মই ব্যক্তিগতভাৱে ভাল পাওঁ কিন্তু তেওঁ নিজৰ ঘাঁ নিজে খুচৰি আছে বুলি মন্তব্য কৰে। তদুপৰি যদি ভূপেন বৰাই কৈছে আগন্তুক তিনি‌টা বৰ্ষলৈ প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ পৰা কোনেও আঁতৰাব নোৱাৰে তেন্তে সেই কথাত মই শুভেচ্ছা জনাই তেওঁৰ কথাবোৰ সঁচা প্ৰমাণিত হ’লে ৰাইজে তেওঁৰ কথা শুনিবলৈ ল’ব আৰু মিচা প্ৰমাণিত হ’লে ৰাইজে তেওঁক গুৰুত্ব নিদিব বুলিও মন্তব্য কৰে। অন্যহাতে মূল্য বৃদ্ধিয়ে আগন্তুক নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বুলি মন্তব্য কৰি ৰাইজে এতিয়া তৃতীয় বাৰৰ বাবে কেনেকৈ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনাব পাৰি সেইটো হে চিন্তা কৰি আছে বুলি কৈ নিৰ্বাচনী প্ৰচাৰ সভালৈ অহা সুৰেশ বৰাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত  বিজেপিয়ে বলিৰ পথা সজাইজে বুলি ভুপেন বৰাই কৰা মন্তব্যত পুনৰ কয় যে ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈক মানুহে শিক্ষিত মানুহ বুলি ভাৱে, কিন্তু তেওঁলোকৰ এনে পাতল কথাই তেওঁলোকৰে ব্যক্তিত্বৰ অৱক্ষয় ঘটাইছে বুলি কয়। মই বলিৰ পথাই হও যিয়ে হওঁ ৰাইজৰ সেৱা কৰিব আহিছোঁ কৰি যাম বুলি মন্তব্য কৰে। উল্লেখ্য যে কালিৰ কেইখনমান সভাত ৰাইজৰ উপস্থিত উৎসাহজনক আছিল যদিও কেইখনমান সভাত ৰাইজৰ উপস্থিতি আছিল সেৰেঙা।
প্ৰেৰক ভৱজ্যোতি ডেকা
You might also like