নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ সাৰ্বজনীন সাংস্কৃতিক-গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস পালন

বিশেষ বার্তা, ২৬ মাৰ্চ: প্ৰয়াত সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী তিলেন্দ্ৰ নাথ মহন্তই গুৰিবঠা ধৰা তথা প্ৰয়াত ৰুচিনাথ বৰকাকতী, প্ৰয়াত ধৰ্মকান্ত বৰা, প্ৰয়াত উমা ভূঞা, প্ৰয়াত নৱকান্ত চলিহা, প্ৰয়াত দেৱকান্ত চলিহা, প্ৰয়াত হিমেন শৰ্মা আদিকে ধৰি বহুকেইগৰাকী ধর্মপ্রাণ ৰাইজৰ প্ৰচেষ্টাত ১৯৯২ চনত নাহৰকটীয়া মহাবিদ্যালয় পথৰ সমীপৰ লংজং গাঁৱত জন্মলাভ কৰা সাৰ্বজনীন সাংস্কৃতিক আৰু গৱেষণা কেন্দ্ৰ (নামঘৰ)ৰ ৩২সংখ্যক প্ৰতিষ্ঠা দিৱস যোৱা ২৩ মাৰ্চ তাৰিখে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সভাপতি পঞ্চানন দেৱগোস্বামীয়ে পতাকা উত্তোলন কৰাৰ অন্তত অনুষ্ঠিত নাম প্ৰসংগ কাৰ্যসূচীত নামাচাৰ্য্য ৰূপে অংশগ্ৰহণ কৰে কোঁৱৰপুৰ বনগঞা সত্ৰৰ ডেকা সত্ৰীয়া প্ৰেম নাৰায়ণ গোস্বামীয়ে। একেদৰে দিহানাম পৰিবেশন কৰে স্থানীয় যুৱতী আৰু মহিলাসকলে। আনহাতে নিশালৈ নামঘৰভাগিৰ প্ৰয়াত সদস্য প্ৰয়াত উমা ভূঞা আৰু দেৱবালা ভূঞাৰ পৱিত্ৰ স্মৃতিত পৰিয়ালবৰ্গৰ তৰফৰ পৰা পৰা আগবঢ়োৱা তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তুলসী মহন্তই উদ্বোধন কৰা মহাপুৰুষ শংকৰদেৱৰ অমিয়া সৃষ্টি ভাওনাৰ “নৃসিংহ মুৰাৰি” ভাওনাভাগ পৰিবেশন কৰে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত ভাওনা প্রদর্শন কৰি খলকনি সৃষ্টি কৰিবলৈ সক্ষম হোৱা যোৰহাট টীয়কৰ বিশিষ্ট সাংস্কৃতিক গোষ্ঠী “সন্মিলিত যুৱ সমাজ”য়ে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like