নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী লোকনিৰ্মাণ বিভাগৰ কাণ্ডজ্ঞানহীনতাত ৰাজপথত প্ৰকাণ্ড গাঁত

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীৰ এটা উন্মুক্ত গাঁতত এগৰাকী ছাত্ৰী স্কুটীসহ দুৰ্ঘটনাগ্ৰস্ত হৈ মুত্যুমুখত পৰাৰ পিছত তৎপৰ হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীগৰাকীয়ে তেতিয়াই প্ৰতিখন জিলাৰ আয়ুক্তসকলক কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ উপৰি ভিডিঅ’ কনফাৰেঞ্চযোগে পথসমূহৰ দুৰৱস্থা সন্দৰ্ভত বাৰ্তালাপ কৰিছিল৷ তেতিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজপথত থকা পুখুৰীসদৃশ উন্মুক্ত গাঁত আৰু নলাসমূহত ৪৮ ঘন্টাৰ ভিতৰত বাঁহৰ বেৰিকেড দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ৰঙা ফ্লেগ আঁৰি দুৰ্ঘটনা ৰোধৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ সকলো জিলা প্ৰশাসনক কঠোৰ নিৰ্দেশনা দিছিল। কিন্তু সেই কঠোৰ নিৰ্দেশনাক মাজুলী জিলা প্ৰশাসন কিম্বা লোকনিৰ্মাণ বিভাগে অংগুষ্ঠ প্ৰদৰ্শন কৰাহে পৰিলক্ষিত হৈছে৷ প্ৰায় এমাহ পূৰ্বে আধুনিক প্ৰযুক্তিৰে পথৰ কাষে কাষে বিএছএনএলৰ কেব’ল পুতে৷ কেব’ল পুতাৰ বাবে উজনি মাজুলীৰ মুখ্য ব্যৱসায়িক কেন্দ্ৰ নতুন বজাৰৰ পকী পথ ভাঙি কেব’লসমূহ সংযোগ কৰি গাঁতসমূহ মাটিৰে পুতি থৈ যায় যদিও পৰৱৰ্তী সময়ত গাঁতত দিয়া মাটিবোৰ বৰষুণে উটুৱাই লৈ যায়৷ ফলত বজাৰখনৰ সদাব্যস্ত তিনিআলিটোত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয়৷যাৰ ফলত উন্মোক্ত হৈ থকা প্ৰকাণ্ড গাঁতটোত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰিছে স্থানীয় জনসাধাৰণে৷ বজাৰখনৰ মাজত দীৰ্ঘদিনে উন্মোক্ত হৈ থকা গাঁতটো পুতাৰ বাবে শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাজুলী জিলা প্ৰশাসন আৰু লোকনিৰ্মাণ বিভাগক নতুন বজাৰ ব্যৱসায়ী সন্থা আৰু স্থানীয় জনসাধাৰণে আহ্বান জনাইছে৷

প্ৰেৰক ৰূপজ্যোতি বৰা

You might also like