নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জখলাবন্ধা থানাত আত্মহত্যা গুৱাহাটীৰ ৰাজুৰ

বিশেষ বাৰ্তা, ২৬ মাৰ্চঃ জখলাবন্ধা থানাৰ লকআপত আত্মহত্যা কৰিছে এগৰাকী আচামীয়ে। লকআপৰ ভিতৰতে আত্মহত্যা কৰা আচামীটোৰ নাম ৰাজু নাথ। গুৱাহাটীৰ পাণ্ডুত ঘৰ মৃত আচামীটোৰ। ২২ মাৰ্চত জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজু নাথে লকআপৰ ভিতৰতে আত্মহত্যা কৰে। NL-01-AA 6213 নম্বৰৰ এখন ট্ৰাক অপহৰণ কৰি ট্ৰাকখনৰ চালক নিকলাচ ধাৰক হত্যা কৰি ট্ৰাকখন অপহৰণ কৰাৰ অভিযোগত অভিযুক্ত আছিল ৰাজু নাথ। অভিযুক্ত ৰাজু নাথক জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কলিয়াবৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰি তিনি দিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল। জখলাবন্ধা থানাৰ লকআপৰ ভিতৰতে এখন কম্বলেৰে ৰাজু নাথে আত্মহত্যা কৰা ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষকে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ লগতে মানৱ অধিকাৰ আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সাংবাদিকক জানিব দিয়ে। ঘটনাৰ সময়ত থানাৰ কৰ্তব্যৰত আৰক্ষী কনিষ্টবল পিংকু নাথক ইতিমধ্যে নিলম্বন কৰিছে নগাঁও জিলা আৰক্ষীয়ে।

প্ৰেৰক কনক হাজৰিকা

You might also like