নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও সৰ্বশিক্ষাত দুৰ্নীতি : ই ভি নিযুক্তিৰ নামত ধন সংগ্ৰহৰ অভিযোগত চাৰি কৰ্মচাৰীক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, নগাঁও, ১০ অক্টোবৰ : নগাঁও জিলা সৰ্বশিক্ষা অভিযানৰ অধীনত কৰ্মৰত চাৰিগৰাকী কৰ্মচাৰী আৰক্ষীৰ জালত পৰা কাৰ্যই নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সৰ্বশিক্ষা অভিযানৰ অধীনত বিভিন্ন শিক্ষাখণ্ডত ইটাভাটাত কৰ্মৰত পিতৃ-মাতৃৰ সৈতে অহা বিভিন্ন অঞ্চলৰ শিশুক শিক্ষা প্ৰদানৰ বাবে শিক্ষা স্বেচ্ছাসেৱক (Education Volunteer চমুকৈ EV) নিযুক্তি দিয়া হয়। এই ই ভি নিযুক্তিক কেন্দ্ৰ কৰি নগাঁও জিলাৰ লাওখোৱা শিক্ষাখণ্ডত সংঘটিত হৈছে দুৰ্নীতি, অনিয়ম আৰু ধন সংগ্ৰহ।

শিক্ষাখণ্ডটোৰ ডি কিউ এম (Data Quality Manager চমুকৈ DQM) পল্লৱী শইকীয়াই  তিনিগৰাকী ই ভিৰ সহযোগত বহুকেইজন ই ভিৰ পৰা চাকৰি দিয়া আৰু মাহিলি দৰমহা আদায়ৰ নামত ধন সংগ্ৰহ কৰি আহিছিল। জাকাৰীয়া আলী আহমেদ নামৰ ই ভিগৰাকীয়ে এই সন্দৰ্ভত সৰ্বশিক্ষা অভিযান মিছনৰ নগাঁও জিলা মিছন সমন্বয়কৰ ওচৰত তথ্য সহকাৰে অভিযোগ দাখিল কৰিছিল আৰু প্ৰতিলিপি জিলা আয়ুক্তক দাখিল কৰে। এই অভিযোগ পোৱাৰ পিছতে জিলা আয়ুক্তই সমগ্র বিষয়টো তদন্ত কৰি জিলা আৰক্ষী অধীক্ষকক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় । এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত নগাঁও আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আইনৰ ৬১(২)/৩১৬(৫) ৭৯৬/২৫ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়ে।

এই তদন্তৰ আঁত ধৰিয়েই নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱানিশা শিক্ষাখণ্ডটোৰ ডি কিউ এম পল্লৱী শইকীয়া, ই ভি খাইৰুল ইছলাম, নজৰুল ইছলাম  আৰু মোজাম্মিল হকক গ্ৰেপ্তাৰ কৰে। অৱশ্যে ডি কিউ এম পল্লৱী শইকীয়াই স্বাস্থ্যৰ দোহাই দি এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে ধৃত তিনি ই ভিক জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক কনক হাজৰিকা
You might also like