নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনা-অসমীয়া মালিকৰ হত্যাৰ বলি ছিপাঝাৰৰ শশাংক, অভিযোগ পৰিয়ালৰ

ছিপাঝাৰৰ পিঠাখোৱা-বণিয়াপাৰাৰ শশাংক বনিয়া নামৰ যুৱকজনৰ মৃতদেহ আজি পুৱা ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল যূৱকজন কৰ্মৰত মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ "হেড জন হেয়াৰ এণ্ড বিউটি চেলুন" নামৰ স্পা পাৰ্লাৰখনত।

গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ এখন স্পা চেলুনত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ যুৱকজনৰ পৰিয়ালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি গুৰুতৰ অভিযোগ তুলিছে। প্ৰতিষ্ঠানটোৰ খোদ গৰাকীয়ে পৰিকল্পিতভাবে হত্যা কৰাৰ অভিযোগ তুলিছে মৃত যুৱকজনৰ পৰিয়ালে।

উল্লেখযোগ্য যে ছিপাঝাৰৰ পিঠাখোৱা-বণিয়াপাৰাৰ শশাংক বনিয়া নামৰ যুৱকজনৰ মৃতদেহ আজি পুৱা ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল যূৱকজন কৰ্মৰত মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ “হেড জন হেয়াৰ এণ্ড বিউটি চেলুন” নামৰ স্পা পাৰ্লাৰখনত।

পাৰ্লাৰখনৰ ভিতৰতে ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পৰিয়ালৰ লোকক এয়া আত্মহননৰ ঘটনা বুলিয়েই অৱগত কৰে যদিও পৰিয়ালৰ লোকে কোনো কাৰণতে এই কথা মানি ল’ব পৰা নাই। কাৰণ সঘনাই পৰিয়ালৰ লগত যোগাযোগ হৈ থকা শশাংক বণিয়া (সাগৰ) নামৰ যূৱকজনৰ কোনো মানসিক অস্থিৰতা পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰা নাছিল।

আনকি পাৰ্লাৰখনৰ অনা অসমীয়া মালিকে যুৱকজনক দৰমহা হিচাপে আদায় দিবলগীয়া ডেৰ লক্ষাধিক ধন খোজাৰ বাবেই এনেদৰে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলিহে অভিযোগ তুলিছে পৰিয়ালৰ লোকে।

আনকি যোৱানিশা ৯-৩০ মান বজাতো শশাংক‌ই ফোন যোগে পিতৃৰ আগত এই বিষয়ে প্ৰকাশ কৰিছিল বুলিও পিতৃ কমলেশ্বৰ বণিয়াই প্ৰকাশ কৰিছে। পৰিয়ালে কৰা দাবী মতে আজি প্ৰায় চাৰিবছৰ ধৰি শশাঙ্ক উক্ত প্ৰতিষ্ঠানটোত কৰ্মৰত আছিল। সকলো কাম নিয়াৰিকৈ কৰা বাবে মালিকে অইন ঠাইলৈ যাবলৈ দিয়া নাছিল যুৱকজনক। কিন্তু ডেৰ লক্ষাধিক টকা আদায় দিবলগীয়া বিষয়টোক লৈ মালিকৰে কিছু সংঘাটৰ সৃষ্টি হৈছিল।

আনকি মালিকজনে বহুদিন ধৰি শশাঙ্কক ঘৰলৈও আহিব দিয়া নাছিল বুলিও বিস্ফোৰক অভিযোগ পৰিয়ালৰ। ইয়াকে লৈ মালিকৰ সৈতে তৰ্ক-বিতৰ্ক হোৱাৰ কথাও ফোনযোগে দেউতাকক নিশা জনাইছিল শশাংকই।

ইফালে কাতি বিহুৰ দিনা অনুষ্ঠিত হবলগীয়া মথনী উৎসৱৰ বাবে শশাঙ্কক শেহতীয়াকৈ ধনখিনিৰ প্ৰয়োজন হোৱাৰ বাবেই মালিকক হেঁচা দিয়াৰ পৰিপ্ৰেক্ষিতেই শশাংকক মুকেশ আগৰৱালাই হত্যা কৰা হৈছে বুলি অভিযোগ তুলিছে শশাংকৰ পিতৃয়ে।

সেয়ে সাধাৰণ আত্মহত্যাৰ ঘটনা বুলি কোনো কাৰণতে মানি ল’ব নোৱাৰি বুলি প্ৰকাশ কৰি এই ঘটনাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰিছে পিতৃ-পৰিয়ালৰ লোকে।

ইফালে মাতৃহীন শশাংকৰ এই অকাল মৃত্যুৰ পিছত শোকত ভাগি পৰিছে পিতৃ। সমগ্ৰ ঘৰখনত এতিয়া উঠিছে কান্দোনৰ ৰোল। আনহাতে পৰিয়ালৰ লোক ঘটনাৰ খবৰ পোৱাৰ পিছত ঘটনাস্হলীত উপস্থিত হোৱাৰ পিছতো কেইবাটাও সন্দেহজনক পৰিবেশ প্ৰত্যক্ষ কৰা বুলি জানিব দিছে।

যুৱকজনৰ পেকেটত ম’বাইল চাৰ্জাৰটো পোৱা গৈছে যদিও মবাইলটোৰ সন্ধান নাই পোৱা বুলিও জানিবলৈ দিছে। প্ৰতিষ্ঠানটোত কৰ্মৰত আন কৰ্মচাৰীৰ কথা বতৰাতো কিছু সন্দেহ থকা বুলিও জনাইছে।

আনকি আশ্চৰ্যকৰ কথাটো হ’ল পৰিয়ালৰ লোক গৈ প্ৰতিষ্ঠানখনত নাপালে গৰাকীক। পৰিয়ালৰ লোকৰ তৎপৰতাত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হয় যদিও মানৱীয়তাৰ খাতিৰতো দেখা নিদিলে অনা অসমীয়া মালিকগৰাকীয়ে। এইক্ষেত্ৰত সমগ্ৰ বিষয়টোত ন্যায় বিচাৰি শশাংক বণিয়াৰ জ্যেষ্ঠ ভ্ৰাতৃ জ্যোতিপ্ৰসাদ বণিয়াই দিছপুৰ থানাত মুকেশ আগৰৱালাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ১০ অক্টোবৰ

You might also like