নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৌলাশাল আৰক্ষীৰ জালত চাৰি কুখ্যাত চোৰ 

নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীৰ জালত পৰিছে চাৰিটাকৈ কুখ্যাত চোৰ ৷ দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি কমল বণিয়াৰ নেতৃত্বত চোৰৰ বিৰুদ্ধে অভিযান চলাই দৌলাশাল আৰক্ষীয়ে লাভ কৰিছে সফলতা ৷

উল্লেখ্য যে দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰ বজাৰত থকা আৰ কে ভাণ্ডাৰ নামৰ পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানখনত যোৱা ২ ফেব্ৰুৱাৰীৰ নিশা সংঘটিত হৈছিল চুৰিকাণ্ড ৷ জানিব পৰা অনুসৰি, চাৰিজনীয়া চোৰৰ দল এটাই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা লুটি নিছিল নগদ ২০ হাজাৰ টকা, মিঠাতেল ১৫০ লিটাৰকে ধৰি ভালেমান সামগ্ৰী ৷ চুৰিকাৰ্য সংক্ৰান্তত প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী কৰিম আলীয়ে দৌলাশাল আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ ৷ ভুক্তভোগী ব্যৱসায়ীগৰাকীৰ এজাহাৰৰ ভিত্তিত দৌলাশাল আৰক্ষীয়ে মুকালমুৱা থানাত ১৩/২০২৬ নম্বৰত ভাৰতীয় ন্যায় সংহিতা আইনৰ ৩৩১(১) /৩০৫(এ)/৩(৫) ধাৰা সন্নিৱিষ্ট কৰি গোচৰ ৰুজু কৰি চোৰৰ বিৰুদ্ধে চলাইছিল অভিযান ৷

কালি নিশা ধৃত চাৰি চোৰে এ এছ-০১ জিএইচ-১৭২৭ নম্বৰৰ মাৰুতি ছুইফট বাহনখনেৰে হাজো-দৌলাশাল পথেৰে বৰপেটা দিশৰ পৰা গুৱাহাটী দিশে গৈ থাকোঁতে গোপন খবৰৰ ভিত্তিত দৌলাশাল আৰক্ষীয়ে খেদি খেদি বৰতলাত কৰায়ত্ত কৰে চোৰৰ দলটোক ৷ চোৰৰ দলটোক আটক কৰাৰ লগতে চোৰে ব্যৱহাৰ কৰা চাৰিচকীয়া বাহনখনো জব্দ কৰে আৰক্ষীয়ে। ধৃত চোৰকেইটা ক্ৰমে বৰপেটা জিলাৰ পালহাজীৰ জমিৰ আলী, কামৰূপৰ হাজোৰ ৰহিজুদ্দিন, বৰপেটাৰ চিৰাজুল ইছলাম আৰু বৰপেটাৰ পালহাজীৰ লিয়াকত আলী বুলি জানিব পৰা গৈছে৷

জানিব পৰা অনুসৰি ৰামপুৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চুৰি হোৱা কিছু সামগ্ৰীও ধৃত চোৰকেইটাৰ পৰা উদ্ধাৰ কৰিছে দৌলাশাল আৰক্ষীয়ে ৷ উল্লেখ্য যে ধৃত চাৰি চোৰে গুৱাহাটীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা গাড়ী ভাৰাত আনি চুৰিকাণ্ডটো সংঘটিত কৰিছিল ৷ মন কৰিবলগীয়া যে গুৱাহাটীৰ গাড়ী ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চোৰে গাড়ী ভাৰাত আনি দৌলাশাল-ৰামপুৰ আদি অঞ্চলত চুৰিকাৰ্য সংঘটিত কৰি অহাৰ খবৰ লাভ কৰিছে আৰক্ষীয়ে ৷

নিয়মীয়া বাৰ্তা, দৌলাশাল, ৬ ফেব্ৰুৱাৰী : 

You might also like