বজালীৰ এগৰাকী অতি মেধাৱী যুৱকে বহিঃৰাষ্ট্ৰত এক সন্মানীয় পদবীত অধিষ্ঠিত হৈ সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ দিশত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ প্রতিষ্ঠান American Physical Society (APS)ত FGSA (Forum on Graduate Student Affairs) Unitৰ Chairman হিচাপে দায়িত্ব লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী বজালী সন্তান হৈছে যুগল তালুকদাৰ৷
বজালী জিলাৰ অন্তৰ্গত মেধিকুছি কাউৰা গাঁও নিৱাসী মইনামতী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত উচ্চবৰ্গৰ সহায়ক জনক তালুকদাৰ আৰু একেখন বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কৌশ্যলা তালুকদাৰৰ জ্যেষ্ঠ পুত্ৰ যুগল তালুকদাৰে ২০১০ বৰ্ষত বজালীৰ চৌখুঁটিস্থিত শংকৰদেৱ শিশু নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছতে যুগলে ২০১২ বৰ্ষত বজালী মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত অধ্যয়ন কৰি ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰি পুনেৰ আই আই এছ ই আৰত নামভৰ্তি কৰে৷ আই আই এছ ই আৰৰ পৰা ২০১৭ চনত পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতে হোমাৰ এল ডজ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ ফেল’শ্বিপৰ সহায়ত ওকলাহোমা বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰী আৰু তাৰ পিছত লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা প্ৰিনেহা নাৰঙৰ গৱেষণা গোটত কোৱাণ্টাম তথ্য বিজ্ঞানৰ পোষ্ট ডক্টৰেট গৱেষণা বিজ্ঞানী হিচাপে যোগদান কৰে৷
সম্প্ৰতি আমেৰিকাৰে এটি উচ্চ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত কনিষ্ঠ বিজ্ঞানী হিচাপে চাকৰি কৰি থকা যুগল তালুকদাৰে পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ দিশত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ প্রতিষ্ঠান American Physical Societyৰ অতি সন্মানীয় পদবীত স্থান লাভ কৰাৰ লগতে এই পদবীত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া হিচাপে বজালীক গৌৰবান্বিত কৰিছে৷
উল্লেখ্য যে কালি আমেৰিকাৰ সংসদ ভৱন Capital Hillত অনুষ্ঠিত এক আলোচনা-চক্রতো ভাগ লোৱাৰ সুযোগ লাভ কৰে যুগলে। যুগল তালুকদাৰে APS Leadership Teamৰ সদস্য হিচাপে কালি আমেৰিকাৰ সংসদ ভৱন Capitol Hillত ভালেকেইজন সাংসদৰ সৈতে Science-Technology Policy আৰু Workforce উন্নয়ন সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰি কোৱান্টাম পদাৰ্থ বিজ্ঞানী হিচাপে সেই ক্ষেত্ৰৰ ভৱিষ্যত পৰিকল্পনা আৰু দৃষ্টিভংগী তেওঁলোকৰ আগত দাঙি ধৰে৷ শৈশৱৰে পৰা অসমীয়া মাধ্যমত অধ্যয়ন কৰি এনেদৰে পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ দিশত বিশ্বৰ সৰ্ববৃহৎ প্রতিষ্ঠান এটাৰ সন্মানীয় পদত অধিষ্ঠিত হৈ অসমবাসীৰ বাবে গৌৰৱৰ বিষয় হৈ পৰা যুগল তালুকদাৰৰ এই সাফল্যত স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকে ধৰি বজালীৰ বিভিন্ন স্তৰৰ ব্যক্তি তথা অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁক শুভেচ্ছা জনাইছে৷
নিয়মীয়া বাৰ্তা, পাঠশালা, ৬ ফেব্ৰুৱাৰী :