নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচদিনীয়া নৱজাতকক হানি-খুঁচি হত্যাৰ অভিযোগ জন্মদাত্ৰী মাতৃৰ বিৰুদ্ধে

কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষী থানা আৰু টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰংগেশ্বৰী পাম গাঁৱত এক অতি নৃশংস তথা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। মাত্ৰ ৫ দিনীয়া নৱজাতক কনমানি সন্তানক নিজ মাতৃয়েই হানি-খুঁচি হত্যা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে, যিয়ে সমগ্ৰ অঞ্চলটোতে তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে।

মৃত শিশুটিৰ নাম মেহেনা ইছলাম বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি, শিশুটিৰ শৰীৰৰ কেইবাঠাইতো তীব্ৰ আঘাতৰ চিন স্পষ্ট হৈ আছে। চেলাইনৰ বেজীৰে সঘনে আক্ৰমণ কৰাৰ লগতে ডিঙি চেপি কেঁচুৱাটোক হত্যা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে। পৰিয়ালৰ লোকে ঘৰৰ ভিতৰলৈ সোমাই যোৱাত মেহেনাৰ তেজেৰে লুতুৰি-পুতুৰি নিষ্প্ৰাণ দেহ প্ৰত্যক্ষ কৰে আৰু এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে।

গাঁওখনৰ মেহেবুল হক নামৰ যুৱকজনৰ পত্নী তথা মৃত শিশুটিৰ মাতৃ শ্বহনাজ বেগমৰ বিৰুদ্ধে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে। অৱশ্যে কি পৰিস্থিতিত বা কি কাৰণত নিজ সন্তানৰ ওপৰত মাতৃগৰাকীয়ে এনে পাশৱিক আক্ৰমণ চলালে, তাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে পোহৰলৈ অহা নাই। স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে মহিলাগৰাকী মানসিক বিকাৰগ্ৰস্ত বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ গভীৰ তদন্ত অব্যাহত ৰাখিছে। মাতৃৰ হাততে নিৰপৰাধ নৱজাতকৰ এনে কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ কামৰূপ জিলাতে শোকৰ ছাঁ পেলাইছে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২০ জুলাই :

You might also like