ভয়ংকৰ অঘটন : নিৰ্মীয়মাণ পকী দলং ভাঙি আহত চাৰি শ্ৰমিক
- লাহৰীঘাটত ভংয়কৰ অঘটন।
- মেৰামতিৰ কাম চলি থকা পকী দলং ভাঙি আহতত চাৰি গৰাকীকৈ শ্ৰমিক।
- লাহৰীঘাট লালি বিলৰ ওপৰত থকা পকী দলঙৰ মেৰামতিৰ কাম কৰি থকা অৱস্থাত দলঙৰ এটা অংশ ভাঙি গুৰুতৰভাৱে আহত হৈছে চাৰি গৰাকীকৈ শ্ৰমিক।
- এই ঘটনাটো সংঘটিত হয় লাহৰীঘাট মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ লালি বিলৰ ওপৰত থকা পকী দলংখনত।
- আহত শ্ৰমিক কেইগৰাকীক ততাতৈয়াকৈ লাহৰীঘাট আদৰ্শ চিকিৎসালয়ত লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে আটাইকেইগৰাকী শ্ৰমিকক নগাঁৱলৈ প্ৰেৰণ কৰে।
- আহত শ্ৰমিক কেইগৰাকী হ’ল গোলজাৰ হুছেইন ,মুস্তফা আহমেদ ,ইনামুল হক আৰু
ফাৰুক আহমেদ। - উল্লেখ্য যে, ঠিকাদাৰৰ ময়মতালিৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজৰ অভিযোগ।
ডিজিটেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী