নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাশবাৰীত ভয়ানক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চাৰি যুৱকে

ডিজিটেল ডেস্ক, ২৪ মে’ : পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মিৰ্জাৰ পৰা পলাশবাৰীলৈ যোৱা পথত নিশা প্ৰায় দুই বজাত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিজন যুৱক। আনহাতে, আন দুজন আহত যুৱকক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় আন এজন যুৱকৰ।

জানিব পৰা মতে, দুখন মটৰচাইকেলৰ এখনত দুজন আৰু আন এখনত তিনিজন যুৱক আছিল আৰোহী হিচাপে। বিপৰীত দিশৰ পৰা আহি বৰষুণৰ মাজতে তীব্ৰ বেগত মুখামুখি সংঘৰ্ষ লাগে দুয়োখন বাইকৰ মাজত। ফলত ৰাজপথতে ছিটিকি পৰে পাঁচোজন আৰোহী। কিছু সময় পিছত পলাশবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মিৰ্জাৰ চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে তিনিজনক মৃত ঘোষণা কৰে আৰু সংকটজনক অৱস্থাত দুজন যুৱকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোত মৃত্যু হোৱা তিনিজন যুৱক হ’ল মাজিৰগাঁৱৰ বৰুৱাপাৰাৰ জ্যোতি কলিতা, ৰঙামাটি দোকানীপাৰাৰ নিখিল দাস আৰু পশ্চিমবংগৰ চন্দন জানা। এজন যুৱকৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই।

You might also like