নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম অসমীয়া মহিলা, মাউণ্ট এভাৰেষ্টত লখিমপুৰৰ ৰূপামণি

ডিজিটেল ডেস্ক, ২৪ মে’ : ‘ক্লীন হিমালয়–ছেভ গ্লেছিয়াৰ’ অভিযানৰ অংশ হিচাপে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)–এ বিশ্বৰ সর্বোচ্চ উচ্চতাৰ শৃংগ মাউণ্ট এভাৰেষ্ট ইতিমধ্যে জয় কৰিছে৷ এইবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ইতিহাস ৰচনা কৰিলে ইণ্ডো–তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি)ৰ সম্পূর্ণ মহিলা সদস্যবিশিষ্ট পর্বতাৰোহণকাৰীৰ দলে৷ অতি দুর্গম–পদে পদে বিপদসংকুল সত্ত্বেও আইটিবিপিৰ সমান্তৰালভাৱে অসমৰ বাবে এই অভিযান অতি গৌৰৱপূর্ণ ৰূপে চিহ্ণিত হৈছে৷ কিয়নো দলটোক নেতৃত্ব দিছিল অসমৰ ভনিতা তিমুংপিয়ে৷ লগতে অসমৰেই ৰূপামণি গড় ইয়াৰ অন্যতম সদস্য আছিল৷ লখিমপুৰৰ জীয়ৰী ৰূপামণি গড়ে প্রথম অসমীয়া মহিলা হিচাপে মাউণ্ট এভাৰেষ্টত আৰোহণ কৰি নজিৰ গঢ়িবলৈ সক্ষম হৈছে৷

আইটিবিপিৰ ১১ মহিলা পর্বতাৰোহণকাৰীৰ উপৰি দলটোত তিনিজন কাৰিকৰী আৰু সহায়কসহ মুঠ ১৪গৰাকী সদস্য আছিল৷ দলটোৱে নেপালৰ দিশৰ পৰা ‘ছাউথ কোল’ পথেৰে বিশ্বৰ সর্বোচ্চ উচ্চতাৰ ৮,৮৪৮ মিটাৰৰ শৃংগটো যোৱা ২১ মে’ত জয় কৰিবলৈ সক্ষম হয়৷ সেইদিনা পুৱা ৬.৫২ বজাত দলৰ প্রথম সদস্যগৰাকীয়ে সফলভাৱে শিখৰত আৰোহণ কৰা বিষয়টো নথিবদ্ধ হৈছে৷ প্রথম অসমীয়া মহিলা হিচাপে ৰূপামণি গড়ে মাউণ্ট এভাৰেষ্টত পদার্পণ কৰাটো স্বাভাৱিকতে বিবেচিত হৈছে এক মাইলষ্ট’ন ৰূপে৷ অসমৰেই ভনিতা তিমুংপিয়ে দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে ক্লাইম্বিং লীডাৰৰ দায়িত্বত আছিল অনুপ কুমাৰ৷ সেইদৰে কাৰিকৰী–সহায়ক দলক নেতৃত্ব দিয়ে আইএফএমজিএৰ প্রখ্যাত গাইড সোণম চিৰিং লামাই৷

আইটিবিপিৰ প্রথম সম্পূর্ণ নাৰী সদস্যবিশিষ্ট আন্তর্জাতিক মাউণ্ট এভাৰেষ্ট অভিযানে কেইবাটাও দিশৰ পৰা তাৎপর্য বহন কৰিছে৷ কিয়নো পর্বতাৰোহণ ক্ষেত্রত নাৰীৰ সক্ষমতা, দৃঢ় সংকল্প আৰু অদম্য সাহসিকতাৰ ই হৈছে এক দৃষ্টান্ত৷ ইয়াক বিশ্বৰ সর্বোচ্চ শৃংগত ভাৰতৰ ‘নাৰীশক্তি’ৰ জয়গান ৰূপেও অভিহিত কৰা হৈছে৷ মূলতঃ ‘নাৰীশক্তি’ক উদযাপন তথা উচ্চ–উচ্চতাৰ দুঃসাহসিক ক্রীড়াত মহিলাৰ উপস্থিতি তুলি ধৰাৰ লক্ষ্যৰে আইটিবিপিয়ে আয়োজন কৰিছে এই অভিযান৷

উল্লেখ্য যে মাহৰ পিছত মাহ ধৰি কঠোৰ প্রশিক্ষণ আৰু প্রস্তুতিৰ অন্তত যোৱা ১৯ এপ্রিলত নতুন দিল্লীস্থিত আইটিবিপিৰ মুখ্য কার্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে এই অভিযানৰ সূচনা কৰা হৈছিল৷ ৮ হাজাৰ মিটাৰ উচ্চতাৰ ‘ডেথ জ’ন’ত অত্যন্ত প্রতিকূল পৰিৱেশ, অক্সিজেনৰ স্বল্পতা আৰু কঠিন বৰফৰ স্তৰ অতিক্রম কৰাৰ সময়ত আইটিবিপিৰ মহিলা পর্বতাৰোহণকাৰীসকলে অসাধাৰণ সাহস, সহনশীলতা আৰু দলগত দক্ষতাৰ পৰিচয় দিয়ে৷

আইটিবিপিৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি এই অভিযানটো নাৰীৰ সক্ষমতা, দুঃসাহসিক নেতৃত্ব আৰু উচ্চ কার্যক্রম পৰিচালনাৰ ক্ষেত্রত শ্রেষ্ঠত্বৰ প্রতীক৷ আইটিবিপিয়ে বর্তমানপর্যন্ত ৫বাৰ মাউণ্ট এভাৰেষ্টত সফল আৰোহণ কৰাৰ লগতে মুঠ ২৩২টা পর্বতাৰোহণ অভিযান সফলতাৰে সম্পন্ন কৰিছে৷ এই বাহিনীটোৱে বিশ্বৰ ১৪টা ৮ হাজাৰ মিটাৰ উচ্চতাৰ শৃংগৰ ভিতৰত ৬টাই আৰোহণ কৰিবলৈ সক্ষম হয়৷ সেইকেইটা হ’ল– মাউণ্ট এভাৰেষ্ট, মাউণ্ট কাঞ্চনজংঘা, মাউণ্ট মাকালু, মাউণ্ট লোৎচে, মাউণ্ট ধৌলগিৰি আৰু মাউণ্ট মানাচলু৷

ইফালে, প্রথম অসমীয়া মহিলা হিচাপে এভাৰেষ্ট আৰোহণ কৰা ৰূপামণি গড় আৰু অভিযানটোক নেতৃত্ব দিয়া ভনিতা তিমুংপিক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সামাজিক মাধ্যমযোগে এই সন্দর্ভত তেওঁ লিখিছে এইদৰে– ‘লক্ষ্য আৰু কর্মৰ সুদৃঢ়তা বুজাবলৈ প্রায়েই কওঁ, আমাৰ লক্ষ্যৰ বাটত হিমালয় বা এভাৰেষ্ট আহিলেও তাকো অতিক্রম কৰি আগুৱাই যাম৷ আজিৰ অসমৰ নাৰীয়ে হিমালয়েই নহয়, পৃথিৱীৰ সর্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিব পৰাকৈ বিশ্বত এক নজিৰ সৃষ্টি কৰিলে৷ লখিমপুৰৰ জীয়ৰী ৰূপামণি গড়ে বিশ্বৰ সর্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি অসমৰ লগতে সমগ্র দেশক গৌৰৱান্বিত কৰিছে৷ এই ঐতিহাসিক সফলতা অর্জন কৰা ৰূপামণি অসমৰ প্রথমগৰাকী মহিলা পর্বতাৰোহী হোৱাৰো কৃতিত্বৰে মহীয়ান হৈছে৷ তদুপৰি অসমৰ ভনিতা তিমুংপিয়ে আইটিবিপিৰ মাউণ্ট এভাৰেষ্টৰ নেতৃত্ব দিয়াত অসমৰ বাবে এয়াও এক গৌৰৱৰ বিষয়৷ ৰূপামণি আৰু ভনিতা বাইদেউলৈ আন্তৰিক অভিনন্দন–শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ তেওঁলোকৰ এই সাফল্য অসমৰ নতুন প্রজন্মৰ বাবে হৈ ৰ’ব প্রেৰণাৰ অম্লান উৎস৷

You might also like