নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত সান্ধ্য আইনৰ মাজতে অবৈধ শিল কঢ়িওৱা ডাম্পাৰ জব্দ বনবিভাগৰ

নিয়মীয়া বাৰ্তা, ১৪ মে- কভিড১৯ মহামাৰিৰ বৃদ্ধিৰ ফলত ৰাজ্য চৰকাৰে আজিৰে পৰা দিনৰ ২ বজাৰৰ লগে লগে নগৰ অঞ্চলত সান্ধ্য আইন বলৱৎত কৰা হৈছে | সান্ধ্য আইন অৱ্যাহত থকা সময়তে আজি সন্ধ্যা মাৰ্ঘেৰিটা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ ভাৱে কোনো ধৰণৰ নথিপত্ৰ নোহোৱাকৈ শিল পৰিবহন কৰা এখন ডাম্পাৰ আৰক্ষীৰ সহযোগত বন বিভাগে মাৰ্ঘেৰিটাত জব্দ কৰে। জব্দ কৰা ডাম্পাৰ খনৰ নম্বৰ হল- এছ ২৩ চি চি ৬৩৮৮ ।

উল্লেখ যে জাগুন , লেখাপানী আৰু ডিৰক অঞ্চলৰ পৰা প্ৰতিদিনে নথিপত্ৰ বিহিন ভাৱে অবৈধ শিল সৰবাৰহ একাংশ শিল মাফিয়াই ৰমৰমীয়া ব্যৱসায় একাংশ বন বিভাগৰ লোকক মেনেজ কৰি চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। এইক্ষেত্ৰত বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক কঠোৰ সবলৈ সচেতন মহলে দাবী জনাইছে। অন্যহাতে এখন টিপি-চালানৰ জৰিয়তে কেইবাবাৰো শিল সৰবৰাহ কৰি অহাৰ তথ্য পোৱা গৈছে। এইক্ষেত্ৰত বন বিভাগ চকুমোদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন হৈছে।

You might also like