নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ্যু কীৰ বিৰুদ্ধে আৰক্ষীৰ বহু অভিযোগ, ১৫ ফেব্রুৱাৰীলৈ জিম্মাত

নিয়মীয়া বাৰ্তা, ৪ ফেব্রুৱাৰীঃ সোমবাৰৰ সামৰিক অভ্যুত্থানৰ পিছত ম্যানমাৰৰ অপসাৰিত নেত্রী আং ছান ছ্যু কীৰ বিৰুদ্ধে দেশখনৰ আৰক্ষীয়ে বিভিন্ন অভিযোগ আনিছে৷ আৰক্ষীৰ নথিত সদৰী হোৱা অনুসৰি নেত্রীগৰাকীক ১৫ ফেব্রুৱাৰীলৈ জিম্মাত ৰখা হ’ব৷

অভিযোগবোৰৰ ভিতৰত আমদানি আৰু ৰপ্তানি আইন উলংঘাৰ কথাও উল্লেখ কৰা হৈছে৷ ইয়াৰ উপৰি বেআইনী কমিউনিকেচন ডিভাইচ নিজৰ লগত ৰখাৰ অভিযোগো অনা হৈছে ছ্যু কীৰ বিৰুদ্ধে৷ অভ্যুত্থানৰ জৰিয়তে দেশখনৰ সেনাই ক্ষমতা দখল কৰাৰ পিছত নেত্রীগৰাকীক বন্দী কৰা হৈছে যদিও তেওঁৰ অৱস্থান সংবাদ মাধ্যমে নিশ্চিত কৰিব পৰা নাই৷

অৱশ্যে একাংশ সংবাদ মাধ্যমে ৰাজধানী নেইপিটাওস্থিত বাসগৃহত ছ্যু কীক বন্দী কৰি ৰখা বুলি সদৰী কৰিছে৷ লক্ষণীয়ভাৱে অপসাৰিত ৰাষ্ট্রপতি উইন মিণ্টৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ আনিছে দেশখনৰ আৰক্ষীয়ে৷

বিশেষকৈ ক’ভিড–১৯ মহামাৰীত প্রট’কল উলংঘা কৰি গণসমাৱেশ সংগঠিত কৰাৰ অভিযোগ অনা হৈছে মিণ্টৰ বিৰুদ্ধে৷ উইন মিণ্টকো দুসপ্তাহৰ বাবে জিম্মাত লোৱা বুলি আৰক্ষীয়ে ঘোষণা কৰিছে৷ ইফালে, আন্তর্জাতিক সম্প্রদায়ে অভ্যুত্থানক গৰিহণা দি ছ্যু কীসহ শাসকীয় এন এল ডিৰ নেতাসকলক শীঘ্রে মুক্তি দিয়াৰ দাবী জনাই আছে৷

You might also like