নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা কৃতী ছাত্রীক দিব বাকী থকা স্কুটী

ক’ভিড মহামাৰীৰ মাজতেই আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ২০২১–২২ বর্ষৰ দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীসকললৈ বিনামূলীয়া পাঠ্যপুথি বিতৰণ প্রক্রিয়াৰ শুভাৰম্ভ কৰে৷ মহানগৰীৰ নাৰেংগীৰ বোন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগম লিমিটেডৰ কেন্দ্রীয় ভঁৰালত আয়োজিত এক অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কার্যসূচীৰ শুভাৰম্ভ কৰে৷ শিক্ষামন্ত্রী পেগুৱে বুধবাৰে পুৱাৰ ভাগত ৫খনকৈ জিলা ক্রমে ডিব্রুগড়, ধেমাজি, বঙাইগাঁও, নলবাৰী আৰু চিৰাং জিলালৈ দ্বাদশ শ্রেণীৰ বিনামূলীয়া পাঠ্যপুথি কঢ়িয়াই নিয়া বাহনৰ ফ্লেগ অফ কৰি কার্যসূচীৰ শুভাৰম্ভ ঘটায়৷

এই সম্পর্কত শিক্ষামন্ত্রী ডাঃ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে অহা দুটা দিনৰ ভিতৰত ৰাজ্যখনত প্রতিখন জিলাৰ দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীসকলে বিনামূলীয়া পাঠ্যপুথি লাভ কৰিব৷ পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগম লিমিটেডৰ কেন্দ্রীয় ভঁৰালৰ পৰা জিলাৰ শিক্ষা বিভাগৰ কার্যালয়লৈ পাঠ্যপুথিসমূহ প্রেৰণ কৰা হৈছে৷

জিলা কার্যালয়ৰ পৰা ক’ভিড প্রট’কল মানি সকলো বিদ্যালয়লৈ এই পাঠ্যপুথি প্রেৰণ কৰি ছাত্র–ছাত্রীসকলৰ মাজত বিতৰণ কৰা হ’ব৷ পূর্বতে নতুনকৈ গঠিত যিবোৰ জিলাত শিক্ষা বিভাগৰ কার্যালয় স্থাপন হোৱা নাই, সেইবোৰ জিলাত পূর্বৰ জিলালৈয়ে পাঠ্যপুথি প্রেৰণ কৰা হৈছিল যদিও এইবাৰ পোনপটীয়াভাৱে নতুন জিলা সদৰতেই পাঠ্যপুথি প্রেৰণৰ ব্যৱস্থা কৰা হৈছে৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে আৰু কয় যে অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগম লিমিটেডে পাঠ্যপুথি ছপোৱাৰ উপৰি ই–পাঠ্যপুথি প্রণয়নৰো প্রকল্প এটা গ্রহণ কৰিছে৷

সকলো ছাত্র–ছাত্রী বিশেষকৈ শিক্ষকসকলক আগতীয়াকৈ ই–পাঠ্যপুথি যোগানৰ লক্ষ্য আগত ৰাখিয়েই এই প্রকল্পটো গ্রহণ কৰা হৈছে বুলি তেওঁ প্রকাশ কৰে৷ সেইদৰে বোন্দাত থকা নিগমৰ গুদামটোৰ সমস্যাৰ প্রসংগত তেওঁ কয় যে অচিৰেই এই সমস্যাৰ সমাধান কৰা হ’ব৷ গুদামটোত কিতাপ জমা আৰু বিতৰণ কৰাৰ ব্যৱস্থাটো আধুনিকীকৰণ কৰা হ’ব বুলি তেওঁ প্রকাশ কৰে৷ ইপিনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ যিসকল ছাত্রীয়ে স্কুটীৰ বাবে বাছনি হৈও বিগত নির্বাচনৰ বাবে স্কুটী লাভ কৰা নাছিল, তেওঁলোকক কাইলৈৰ পৰা স্কুটী বিতৰণৰ ব্যৱস্থা কৰিছে শিক্ষা বিভাগে৷ কাইলৈৰ পৰা সেইসকল ছাত্রীয়ে সংশ্লিষ্ট জিলাতেই সেই স্কুটীসমূহ লাভ কৰিব৷

You might also like