নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহ সমষ্টি তিতাবৰ জন্মস্থান যোৰহাটত শোকৰ বন্যা

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী তথা তিতাবৰৰ বিধায়ক তৰুণ গগৈৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে তিতাবৰ৷ তিতাবৰৰ ব্লক কংগ্রেছৰ কর্মকর্তাসকলে স্থানীয় ৰাজীৱ ভৱনত দলীয় পতাকা অর্ধনমিত কৰি এক মিনিট সময় মৌন প্রার্থনা জনাই শোক প্রকাশ কৰে৷ দলীয় নেতা–কর্মীৰ লগতে স্থানীয় ৰাইজে গগৈৰ নশ্বৰ দেহ তিতাবৰলৈ অনাৰ বাবে পৰিয়ালক অনুৰোধ জনায়৷ গগৈৰ মৃত্যুত শোকত ভাগি পৰা তিতাবৰ ব্লক কংগ্রেছৰ সাধাৰণ সম্পাদক ধৰণীধৰ শইকীয়াই কয়– আমাৰ পিতৃক আমি আজি হেৰুৱাইছোঁ৷ আজি তিতাবৰবাসী ৰাইজ অভিভাৱকহীন হ’ল৷ তিতাবৰবাসী ৰাইজক তেওঁ অন্তৰেৰে ভাল পাইছিল৷ যাৰ বাবে ৰাইজৰ অন্তৰত তেওঁ সোমাই আছে৷ তেওঁ তিতাবৰৰ ৰঙাজানত জন্মগ্রহণ কৰিছিল৷ জীৱনৰ আদিপাঠ তিতাবৰত শিকিছিল৷ এই তিতাবৰৰ পৰা গৈ দেশৰ এজন প্রখ্যাত ৰাজনীতিবিদ হৈছিল৷ ৰেখা গগৈ নামৰ মহিলাগৰাকীয়ে কান্দি কান্দি কয়– আজি মোৰ দেউতাৰ মৃত্যু হৈছে৷ মই জানো তেওঁ আমাক কিমান ভাল পাইছিল৷ আনৰ কথা কিমান চিন্তা কৰিছিল৷ এনে এগৰাকী ৰাইজৰ নেতাক আৰু জীৱনত পাম বুলি আশা কৰিব নোৱাৰোঁ৷ কংগ্রেছ নেতা হেমেন দাসে কয়– তেওঁৰ মৃত্যু তিতাবৰবাসী ৰাইজৰ বাবে অসহনীয়৷ আজি আমি পিতৃহাৰা হ’লোঁ৷

তিতাবৰবাসী ৰাইজে আৰু এনে এজন মহান নেতাক নাপায়৷ তিতাবৰ জিলা ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক তৰুণ দত্ত, যুৱ নেতা মিৰাজ আলীয়েও গভীৰ শোক প্রকাশ কৰে৷ তিতাবৰ ব্লাক কংগ্রেছৰ কার্যালয়ত উপস্থিত ৰাইজে তিতাবৰবাসী ৰাইজক শেষ শ্রদ্ধা জ্ঞাপনৰ লগতে অন্ত্যেষ্টিক্রিয়াৰ বাবে তিতাবৰলৈ অনাৰ বাবে পৰিয়ালবর্গক অনুৰোধ জনায়৷ আনহাতে, তিতাবৰ চেম্বাৰ অৱ কমার্চৰ সভাপতি প্রদীপ কালোৱাৰে তৰুণ গগৈক তিতাবৰবাসীৰ আত্মা বুলি অভিহিত কৰি কয় যে তেওঁৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰি কাইলৈ অঞ্চলটোৰ সকলো ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ৰাখি শোক প্রকাশ কৰা হ’ব৷ তিতাবৰ ব্যৱসায়ী সন্থাৰ সভাপতি দিলীপ জালানেও কাইলৈ অঞ্চলটোৰ সকলো ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ৰাখি শোক প্রকাশ কৰা হ’ব বুলি ঘোষণা কৰে৷ গ্রাম্য সাংবাদিক সন্থা, তিতাবৰ মহকুমা সমিতিৰ সভাপতি প্রণৱজ্যোতি কলিতা, সম্পাদক ইউছুফ আলী, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ যোৰহাট জিলাৰ ভাৰপ্রাপ্ত সম্পাদক অসীম শইকীয়া, অগপৰ তিতাবৰ বিধান পৰিষদৰ পর্যবেক্ষক আছিকুৰ ৰহমান, ঠেঙাল কছাৰী সংগঠনৰ সাধাৰণ সম্পাদক ইক্ষু কুমাৰ হাজৰিকা, তাই আহোম যুৱ পৰিষদৰ তিতাবৰৰ সম্পাদক দীপ্ত সেউজ গগৈ, তাই আহোম ছাত্র সন্থাৰ চিৰঞ্জীৱ গগৈ, যুৱ–ছাত্র পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি কিশোৰ গগৈ, সম্পাদক ৰাজীৱ শর্মা, তিতাবৰ মহকুমা ছাত্র সন্থাৰ সম্পাদক দিগন্ত বৰা, আঞ্চলিক ছাত্র সন্থাৰ সভাপতি বিশাল শইকীয়া, সম্পাদক অমৃত শইকীয়া, বীৰ লাচিত সেনাৰ তিতাবৰ মহকুমা সমিতিৰ সভাপতি দিলীপ ভৰালী, তিতাবৰ সংগীত শিল্পীৰ হৈ শিল্পী প্রবাল দত্ত, মাৰোৱাৰী যুৱ মঞ্চৰ নীতেশ জালান, বাঁহীবাদক চন্দন শইকীয়া আদিয়ে গভীৰ শোক প্রকাশ কৰে৷

আনহাতে, তৰুণ গগৈৰ বাবেই তিতাবৰবাসীয়ে উন্নয়নৰ বাট দেখিবলৈ সক্ষম হৈছে বুলি  জনসাধাৰণে অকপটে স্বীকাৰ কৰিছে৷ গগৈৰ বাবেই তিতাবৰ মহকুমাৰ মর্যাদা লাভ কৰাৰ লগতে নগৰ সমিতি গঠনকে ধৰি সকলো ক্ষেত্রতে উন্নয়ন সাধন হৈছে বুলি মন্তব্য কৰে৷ নগৰ সমিতিৰ অধীনত সমগ্র তিতাবৰ নগৰৰ নলা–নর্দমা নির্মাণ, গান্ধী পার্ক, শিশু উদ্যান নির্মাণ, মহকুমা চিকিৎসালয় স্থাপন, এশ কোটি টকা ব্যয়েৰে গ্রেটাৰ তিতাবৰ পানী যোগান আঁচনিৰ ব্যৱস্থা আদিকে ধৰি যোৱা ১৫ বছৰত তিতাবৰবাসীয়ে বহু উন্নয়নৰ বাট দেখিবলৈ সক্ষম হয়৷

ইপিনে, গগৈৰ মৃত্যুত তেওঁ শিক্ষাৰ আদিপাঠ গ্রহণ কৰে৷ ২৬নং ৰঙাজান প্রাথমিক বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীস মাজতো গভীৰ শোকৰ ছাঁ পৰিছে৷ ১৯৪৪ চনত শিক্ষা গ্রহণ কৰা বিদ্যালয়খনত আজিও গগৈৰ নাম থকা নামভর্তিৰ বহীখন অতি সযতনে ৰাখি থোৱা হৈছে৷ দিনৰ ভাগত বহীখনৰ ১৮৫ নম্বৰত থকা তৰুণ গগৈৰ নামটো সাংবাদিকক দেখুৱাই শিক্ষক–শিক্ষয়িত্রীস উচুপি উঠে৷

ইফালে, গগৈৰ মহাপ্রয়াণত জন্মস্থান যোৰহাটতো গভীৰ শোকৰ ছাঁ পৰিছে৷ তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে যোৰহাটৰ নাজিৰআলিস্থিত বাসগৃহত বিভিন্নজনে আহি ভিৰ কৰি বন্তি প্রজ্বলন কৰাৰ লগতে আত্মাৰ সদ্গতিৰ বাবে নাম–কীর্তন কৰে৷ যোৰহাট কংগ্রেছ ভৱনতো কংগ্রেছ কর্মীসকলে কংগ্রেছ ভৱনৰ বাহিৰত গগৈৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ যোৰহাটৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়েও গগৈৰ বিয়োগত গভীৰ শোক প্রকাশ কৰি কয় যে দুয়ো বেলেগ দলত থকা বাবে আহ–যাহ নাছিল যদিও গগৈৰ সৈতে তেওঁৰ সম্পর্ক খুব ভাল আছিল৷

আনকি তেওঁ বিধানসভাৰ অধ্যক্ষ হোৱাৰ সময়ত গগৈয়ে তেওঁক যোৰহাটৰ কুলধৰ চলিহা, দেৱেশ্বৰ শর্মাৰ আদর্শৰে কাম কৰিব লাগিব বুলি উপদেশ দিছিল৷ যোৰহাটৰ প্রাক্তন বিধায়ক ৰাণা গোস্বামীয়েও গগৈৰ বিয়োগত গভীৰ শোক প্রকাশ কৰে৷ যোৰহাট আছু, যুৱ–ছাত্র পৰিষদ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, সম্প্রীতি মহিলা সংঘ, ঈদগাহ সমিতি, কবৰস্থান সমিতি, যোৰহাট চেণ্ড্রেল ক্লাব, পুৰণা বালিৰ বাট, মছজিদ পৰিচালনা সমিতি, যোৰহাট প্রেছ ক্লাব, ৰাইজৰ দলৰ যোৰহাটৰ বিষয়ববীয়া, অসম সাহিত্য সভা জামাত কল্যাণ সমিতি, যোৰহাট জিলা বিজেপি, যোৰহাট জিলা অগপয়ো গভীৰ শোক প্রকাশ কৰে৷

You might also like