নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষিখণ্ডৰ ৰূপান্তৰৰ যাত্ৰাত আদৰ্শ হ’ব পাৰে তেতেলিয়া এগ্রো অর্গেনিক এফ পি চিঃ কৃষি মন্ত্ৰী অতুল বৰা

নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: শেহতীয়াভাবে ৰাজ্যখনৰ কৃষিখণ্ডত আৰম্ভ হোৱা ৰূপান্তৰৰ যাত্ৰাত আদর্শ হ’ব পাৰে তেতেলিয়া এগ্রো অর্গেনিক এফ পি চি । কৃষিখণ্ডত যুৱ শক্তিৰ অংশগ্রহণে কেনেধৰণৰ যোগাত্মক পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে তাৰ অন্যতম উদাহৰণ এই কৃষক উৎপাদক কোম্পানীটো। আজি গুৱাহাটীৰ নিকটৱৰ্তী সোণাপুৰৰ নৰতাপত তেতেলিয়া এগ্রো অর্গেনিক কৃষক উৎপাদক কোম্পানীৰ পাম পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই।

কোম্পানীটোৰ সদস্যসকলৰ প্ৰায় ১৫০০ হেক্টৰ মাটিৰ ভিতৰত নৰতাপত ৪ হেক্টৰ মাটিত গঢ়ি তোলা আদর্শ ফলমূল, শাক-পাচলি আৰু কোকো বাগিচাখন পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মন্ত্ৰী বৰাই কয় যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শক্রমে কৃষিখণ্ডত নতুন প্রজন্মক আকৰ্ষণ কৰিবলৈ কৃষি বিভাগে গ্ৰহণ কৰা বিভিন্ন সংস্কাৰমূলক ব্যৱস্থাৰ ফলশ্ৰুতিত আজি ৰাজ্যখনৰ নৱপ্ৰজন্মই কৃষিখণ্ডৰ মাজেৰে স্বনিয়োজনৰ পথ মুকলি কৰিবলৈ আগবাঢ়ি আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত এইবাৰৰ বাজেটত কৃষি আৰু ইয়াৰ সহযোগীখণ্ডসমূহকে ধৰি অন্যান্য কিছুমান বিশেষ খণ্ডত উপার্জন সৃষ্টিত সহায়ক হোৱাকৈ ক্ষুদ্র উদ্যোগ স্থাপনৰ বাবে ১ লাখ যুৱক-যুৱতীক ২ লাখ টকাকৈ এককালীন পুঁজি আগবঢ়োৱাৰ প্ৰস্তাব কৰা হৈছে। এনে উদ্যোগে ৰাজ্যখনৰ কৃষিভিত্তিক অৰ্থনীতিৰ বিকাশত আমূল পৰিৱৰ্তন সাধনৰ পথ প্ৰশস্ত কৰাত সহায় কৰিব – মন্ত্ৰী বৰাই কয়।

তেওঁ কয় যে, তেতেলিয়া এগ্রো অর্গেনিক কৃষক উৎপাদক কোম্‌পানীটোৰ কৰ্ণধাৰসকলে নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে আৰু এইসকল উদ্যমী যুৱক- যুৱতীৰ নেতৃত্বতেই আজি কোম্পানীটোৰ প্ৰায় দুহাজাৰ কৃষক সদস্যই কৃষিকৰ্মৰ মাজেৰে নিজৰ জীৱন আৰু জীৱিকাক সুৰক্ষিত কৰি তুলিবলৈ সক্ষম হৈছে। কৃষি মন্ত্ৰীগৰাকীয়ে লগতে কয় বজাৰৰ চাহিদাৰ ওপৰত ভিত্তি কৰি বিভিন্ন শস্যৰ উৎপাদনৰ সৈতে জড়িত এই এফ পি চিটোৱে তেওঁলোকে উৎপাদন কৰা জৈৱিক আদা, হালধি, জালুক আদিৰ দৰে মছলাজাতীয় শস্য সংসাধন কৰি এইসমূহ কৃষিজাত পণ্যৰ ৰপ্তানি ব্যৱস্থাটোৰ সৈতেও জড়িত হৈ পৰিছে। এয়া ৰাজ্যবাসীৰ বাবে এটি শুভ সংবাদ। এফ পি চিটোৰ এনে সফলতাক আদর্শ হিচাপে লৈ অসমৰ নিবনুৱা যুৱক- যুৱতীসকলে কৃষিখণ্ডৰ মাজেৰে নিজৰ সফলতাৰ বাট মুকলি কৰিবলৈ আগবাঢ়ি আহিব বুলি তেওঁ আশা প্রকাশ কৰে।

উল্লেখ্য, তেতেলিয়া এগ্রো অর্গেনিক কৃষক উৎপাদক কোম্পানীটোৰ আদৰ্শ পামখনত চকলেট প্রস্তুত কৰা ফল কোকোকে ধৰি উন্নত প্ৰজাতিৰ আম, মধুৰিআম, মাল্টা, জামু, ভোট জলকীয়া, কাজু, চিত্রনেলা, লেমন গ্রাছ, আদা, হালধি, জালুক আদিকে ধৰি বিভিন্ন শস্যৰ বিজ্ঞানসন্মতভাবে খেতি কৰা হৈছে। ৰাজ্যখনৰ এখন আদর্শ ফলমূল আৰু শাক-পাচলিৰ বাগিছা হিচাপে পৰিগণিত হোৱা এই পামখনৰ উপৰিও কোমপানীটোৱে জৈৱিক পদ্ধতিৰে ধানৰ বীজ উৎপাদনৰ কামতো জড়িত হৈ আছে। একেসময়তে প্রায় তিনিশ কৃষকৰ ঘৰত কোকো গছৰ খেতি কৰি সমগ্ৰ অঞ্চলটোকেই এখন চকলেট ভিলেজলৈ পৰিৱৰ্তিত কৰাত সফল হৈছে এই কৃষক উৎপাদক কোম্‌পানী বা এফ পি চিটো। উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে  ৰাজ্যখনত ৰূপায়ণ কৰি থকা ‘মিচন অর্গেনিক ভেল্যু ছেইন ডেভেলপমেন্ট এন এ আৰ’ আঁচনিৰ অধীনত এই এফ পি চিটোৱে ইতিমধ্যে বিভিন্ন শস্যৰ ৰোপন সামগ্ৰীৰ লগতে এখন চাৰিচকীয়া বাহন, কেঁচু সাৰ উৎপাদন গোট, এখন ট্ৰেক্টৰ, এটা ক্ষুদ্র সংসাধন গোট, জৈৱ-সাৰ গোটকে ধৰি সংসাধনৰ সৈতে জড়িত বিভিন্ন আহিলা লাভ কৰিছে। চিত্ৰনেলা আৰু লেমন গ্ৰাছৰ পৰা তেল নিষ্কাষণ যন্ত্ৰ স্থাপন কৰাৰ লগতে এই কোম্পানীটোৱে এটি কোকো সংসাধন গোট স্থাপনৰ কামো আৰম্ভ কৰিছে। কৃষি মন্ত্ৰী বৰাই আজি এই কৃষক উৎপাদক কোম্‌পানীটোৰ কামকাজ পৰিদৰ্শন কৰাৰ আগেয়ে সোণাপুৰৰ বৰখাটৰ বলেন বৰুৱা নামৰ কৃষি ঔদ্যোগী গৰাকীয়ে এপাৰ্টৰ পৰা ১ লাখ টকা অর্থ সাহায্যৰে স্থাপন কৰা শাক-পাচলি আৰু ফুল তথা ফলমূলৰ ক্ষুদ্ৰ নাৰ্চাৰী এখনো পৰিদৰ্শন কৰে। উল্লেখ্য যে, এই নাৰ্চাৰীখনৰ পৰা ঔদ্যোগীগৰাকীয়ে প্রতি মাহে ন্যুনতম ৩০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ বিষয়ে কৃষি মন্ত্ৰী বৰাৰ সন্মুখত প্ৰকাশ কৰে ৷

You might also like