নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলিমপ্ৰধান অঞ্চলত গৌৰৱ গগৈৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ মাৰ্চঃ অহা ১৯ এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন৷ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে৷ শাসকীয় দল বিজেপিয়ে ইতিমধ্যে তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে৷ ইপিনে, পিছপৰি ৰোৱা নাই যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ো৷ গৌৰৱ গগৈয়ে এইবেলি টাৰ্গেট কৰি লৈছে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ভোটাৰক৷ মুছলমান ভোটাৰক আকৰ্ষিত কৰাৰ বাবে গৌৰৱ গগৈয়ে যোৱা এসপ্তাহ ধৰি মুছলিম প্ৰধান অঞ্চলত চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ৷ ইয়াৰ ভিতৰত শিমলুগুৰি, নাজিৰা, বিহুবৰ উল্লেখযোগ্য৷ শিমলুগুৰি টাউনত প্ৰায় ৪০জন লোক উপস্থিত থকা এখন সভাত গৌৰৱ গগৈয়ে অংশ লৈ তেওঁৰ সপক্ষে ভোট দিবলৈ ৰাইজক আহ্বান জনায়৷ একেদৰে গৌৰৱ গগৈয়ে নাজিৰা ৰূপজ্যোতি নাট্য মন্দিৰ আৰু নাজিৰা বিহুবৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়৷ নাজিৰা বিহুবৰত প্ৰায় ২০০ লোকৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত গৌৰৱ গগৈয়ে ভাষণ দাঙি ধৰি ৰাইজক তেওঁৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়৷

You might also like