নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত জুবিন নটিয়ালৰ চেৰিটী লাইভ কনচাছাৰ্ট বাতিল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ মাৰ্চঃ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বলীউড কণ্ঠশিল্পী জুবিন নটিয়ালৰ চেৰিটী লাইভ কনছাৰ্ট বাতিল। ছা ৰে গা মা আৰ্টছ অফ মিউজিক নামৰ সংস্থাটোৱে অনুষ্ঠিত কৰা এই অনুষ্ঠান আজি সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু কোনো আগতীয়া জাননী জাৰি নকৰাকৈ এই অনুষ্ঠান বাতিল কৰিলে আয়োজকে। ফলত কনচাৰ্ট উপভোগৰ বাবে ইতিমধ্যে টিকট সংগ্ৰহ কৰা জুবিন নটিয়ালৰ অনুৰাগীসকল বিপদত পৰিছে। আয়োজকসকলক এই কনচাৰ্টৰ পৰা লাভাংশ কেইবাজনো অসুস্থ ব্যক্তিৰ চিকিৎসাত ব্যয় কৰিব বুলি জনাইছিল। সামাজিক মাধ্যমৰ জৰিয়তেও অসুস্থ ৰোগীৰ চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহ কৰিছিল। আজি বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়ালৰ সংগীতানুষ্ঠান নেহেৰু ষ্টেডিয়ামত আয়োজনৰ কথা আছিল যদিও লাখ লাখ টকা সংগ্ৰহৰ পিছত এতিয়া অন্তৰ্দ্ধান হৈছে আয়োজক সমিতি। আৰক্ষীয়ে আটক কৰি মৌচুমী বৰা নামৰ এগৰাকী আয়োজকক। এটা ছেটেলাইট চেনেলৰ প্ৰগ্ৰেম হেড মৌচুমী বৰা। পানীখাইতীৰ পৰা আৰক্ষীয়ে আটক কৰে মৌচুমী বৰাক। বৰ্তমান পানবজাৰ মহিলা থানালৈ লৈ যোৱা হৈছে মৌচুমীক। ইফালে এই লাইভ কনচাৰ্টৰ বাবে অনলাইন আৰু অফ লাইন দুয়োটা মাধ্যমতে টিকট উপলব্ধি হৈছিল। নেহৰু ষ্টেডিয়ামকে ধৰি বিভিন্ন স্থানত অফলাইন টিকটসমূহ বিক্ৰী কৰিছিল। কিন্তু কনচাৰ্ট বাতিল হোৱাৰ পাছত নেহৰু ষ্টেডিয়ামত দেখিবলৈ নাই এজনো আয়োজক। একেদৰে ষ্টেডিয়ামখনত নাই কনচাৰ্টৰ কোনো প্ৰস্তুতি। এনে পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে আয়োজক কমিটীৰ কেইবাজনকো আটক কৰিছে। জানিব পৰা মতে আৰক্ষীয়ে আয়োজক মৌচুমী বৰা নামৰ মহিলাগৰাকীক পানীখাইতীৰ পৰা আটক কৰি পাণবজাৰ মহিলা আৰক্ষী থানালৈ লৈ আনিছে। একেদৰে আটক কৰা আয়োজকৰ পুৰুষ বিষয়ববীয়াসকলক পল্টনবজাৰ থানালৈ লৈ অনা হৈছে। ইফালে আয়োজকে স্বাক্ষৰবিহীন এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অনুষ্ঠান বাতিল হোৱাৰ বিষয়ে অৱগত কৰিছে। কাৰিকৰী কাৰণত এই অনুষ্ঠান বাতিলৰ কথা উল্লেখ কৰি অহা ৭ৰ পৰা ১০ দিনৰ ভিতৰত টিকটৰ পইচা ঘূৰাই দিয়া হ’ব বুলিও জনাইছে।

You might also like