নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত গণৰাজ্য দিৱসত জিলিকিব বীৰ লাচিত বৰফুকন–মা কামাখ্যা মন্দিৰ

  • অসমৰ কলা–কুশলীৰ ব্যাপক প্রস্তুতি ৰাজধানী চহৰত
  • প্রতীকপটত থাকিব ৰংঘৰ, শিৱ দৌল, ৰঞ্জিত গগৈৰ নেতৃত্বত দেশ–বিদেশৰ অতিথিক আপ্লুত কৰিব বিহুৱা দলে

 

নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰী: ৪০০ বছৰীয়া জন্মজয়ন্তীৰে দেশৰ লগতে আন্তঃৰাষ্ট্রীয় পর্যায়ত অসমৰ বীৰ লাচিত বৰফুকনক প্রতিষ্ঠিত কৰাৰ পাছত এইবাৰ ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত অসমৰ প্রতীকপটত উজলিব লাচিতৰ শৌর্য–বীর্য৷ গণৰাজ্য দিৱসত এইবাৰ অসমৰ প্রতীকপটত লাচিত বৰফুকনৰ লগতে শক্তিপীঠ মা কামাখ্যা মন্দিৰকো জিলিকাই তুলিবলৈ ৰাজধানী চহৰ দিল্লীত চলিছে ব্যাপক প্রস্তুতি৷ ইতিমধ্যে সাজু কৰি তোলা প্রতীকপটক আজি অন্তিম আখৰাত নমোৱা হয়৷ যোৱা প্রায় এমাহ ধৰি দিল্লীত প্রতীকপট নির্মাণত ব্যস্ত আছিল অসমৰ কলা–কুশলীসকল৷ সমান্তৰালভাৱে দেশ তথা বিদেশৰ অতিথিয়ে অংশ ল’ব লগা গণৰাজ্য দিৱসত অসমৰ স্বাভিমান তথা ঐতিহ্য দাঙি ধৰাৰ বাবে ৰঞ্জিত গগৈৰ নেতৃত্বত এদল বিহুৱা–নাচনী সাজু হৈছে৷ আজি অন্তিম দিনাৰ আখৰাত বিহুৱা দলটোৱে বিহু নাচেৰে বিভিন্ন ৰাজ্যৰ পৰা অহা অংশগ্রহণকাৰীৰ লগতে কেন্দ্রীয় চৰকাৰৰ শীর্ষ বিষয়া–প্রতিনিধিকো আকর্ষিত কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে বিগত গণৰাজ্য দিৱসত অসমৰ প্রতীকপটক লৈ চলা কিছু কাৰিকৰী খেলিমেলিৰ বাবে প্রদর্শন কৰিবলৈ সক্ষম হোৱা নাছিল৷ কিন্তু এইবাৰ অসমৰ স্বাভিমানৰ প্রতি তথা শৌর্য–বীর্যৰ প্রতীক লাচিত বৰফুকনক জিলিকাই তুলিবলৈ আৰম্ভণিৰ পৰাই চলিছিল প্রস্তুতি৷ এই সন্দর্ভত ৰাজ্যৰ সাংস্কৃতিক বিভাগে প্রকাশ কৰা অনুসৰি প্রতীকপটৰ সন্মুখত বীৰ লাচিত বৰফুকনৰ মূর্তিৰ পাছতেই থাকিব মা কামাখ্যা মন্দিৰ৷ আনহাতে, প্রতীকপটত থাকিব ৰংঘৰ আৰু শিৱ দৌল৷ অসমৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যক সুন্দৰভাৱে দাঙি ধৰাৰ লক্ষ্যৰে যথেষ্ট আকর্ষণীয়কৈ সজাই তোলা হৈছে প্রতীকপটটো৷ লাচিত বৰফুকনক পুনৰ দেশবাসীৰ ওচৰত পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে নির্মাণ কৰা এই প্রতীকপটক লৈ ইতিমধ্যে ৰাজধানীত আৰম্ভ হৈছে চর্চা৷

বিগত বর্ষত লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মজয়ন্তী উদ্যাপনৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰি বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উদ্যাপনক লৈ অসমবাসীক উদ্দেশ্যি লিখিছিল– বীৰ লাচিত বৰফুকন আছিল অতুলনীয় সাহসৰ প্রতীক, এজন দূৰদর্শী নেতা৷ ইফালে, গণৰাজ্য দিৱসত অসমৰ বিহুক ৰাষ্ট্রীয় মঞ্চত তথা দেশবাসীৰ আগত প্রদর্শন কৰাৰ বাবে ৰঞ্জিত গগৈৰ নেতৃত্বত বিহুৱা–বিহুৱতীৰ দলে আখৰা সম্পূর্ণ কৰি আজি অন্তিম প্রস্তুতি চলায়৷ বীৰ লাচিত বৰফুকনৰ সমান্তৰালকৈ বিহুক দেশৰ ভিন্ন প্রান্তৰ পৰা অহা অতিথিসকলক বর্ণময় কার্যসূচীৰ অংশস্বৰূপে প্রদর্শনৰ জৰিয়তে অসমৰ এক সুকীয়া পৰিচয় দাঙি ধৰাৰ চেষ্টা চলাব বুলি দলটোৱে মত প্রকাশ কৰিছে৷

You might also like