ডিজিটেল ডেস্ক, ২৮ এপ্রিল : গোলকীয় উষ্ণতাই কঢ়িয়াই অনা মহাসংকট এইবাৰ বাস্তৱত প্রতিফলিত হ’ল ভাৰতত৷ এপ্রিল মাহতে দেশত পাৰাস্তম্ভ ৪৬ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে৷ এনে পৰিস্থিতি অব্যাহত থাকিলে দেশত গৰমে সর্বকালৰ অভিলেখ ভংগ কৰাৰ সতর্ক বার্তা দিছে বতৰ বিজ্ঞানীসকলে৷ ঊর্ধ্বমুখী পাৰাস্তম্ভৰ ফলত কার্যতঃ দেশৰ বিস্তীর্ণ অংশ প্রচণ্ড গ্রীষ্মপ্রৱাহত দহিছে৷ দিল্লী–পঞ্জাব–হাৰিয়ানা-চণ্ডীগড়ৰ পৰা মহাৰাষ্ট্র–গুজৰাট–মধ্যপ্ৰদেশ-ছত্তিশগড়-উত্তৰ প্ৰদেশ-ৰাজস্থান-বিহাৰ-ওড়িশা-পশ্চিমবংগত উৎকট গৰমৰ বাবে সম্প্রতি উদ্ভৱ হৈছে অভাৱনীয় পৰিস্থিতিৰ৷
এনে প্রেক্ষাপটত ইতিমধ্যে বহুকেইখন ৰাজ্যত গ্রীষ্মপ্রৱাহৰ সতর্কতা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ মৌচম ভৱনৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, দিল্লী–এনচিআৰ, পঞ্জাব আৰু হাৰিয়ানাত তীব্র গ্রীষ্মপ্রৱাহৰ সম্ভাৱনা প্রবল৷ এই তিনিখন ৰাজ্যত শেহতীয়াকৈ দিনৰ ভাগত তাপমাত্রা ৪২–৪৫ ডিগ্রীৰ ভিতৰত আছে৷ পশ্চিম আৰু মধ্য ভাৰততো অনুৰূপ পৰিস্থিতি৷ মহাৰাষ্ট্র–গুজৰাট–মধ্যপ্ৰদেশত পাৰাস্তম্ভ অতিক্রম কৰিছে ৪৪ ডিগ্রী চেলছিয়াছ৷ ছত্তিশগড় আৰু উত্তৰপ্রদেশৰ কেতবোৰ অঞ্চলত তাপমান ৪০–৪২ ডিগ্রী চেলছিয়াছৰ ভিতৰত আছে৷ অভাৱনীয় উষ্ণতা অনুভূত হৈছে হিমালয়ান ৰাজ্য হিমাচল প্রদেশতো৷ ৰাজ্যখনত তাপমাত্রা ইতিমধ্যে ৪৪ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে৷
আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে ভূ–স্বর্গ জম্মু–কাশ্মীৰতো সূর্যই ধাৰণ কৰিছে ৰুদ্র ৰূপ৷ সততে বৰফৰ শুভ্র আৱৰণে ঢাকি ৰখা ৰাজ্যখনত এইবাৰ বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে গ্রীষ্মপ্রৱাহৰ সতর্কতা৷ দেওবাৰৰ দিনটোত দেশৰ ১০খন চহৰৰ তাপমাত্রা ৪২ৰ পৰা প্রায় ৪৬ ডিগ্রীৰ আশে–পাশে আছিল৷ এই তালিকাত শীর্ষ তিনিখন চহৰেই হ’ল মহাৰাষ্ট্রৰ৷ ৰাজ্যখনৰ অপলা আৰু অমৰাৱতীত সর্বোচ্চ তাপমাত্রা আছিল ৪৫.৬ ডিগ্রী চেলছিয়াছ৷ তাৰ পিছতেই আছে মহাৰাষ্ট্রৰেই ৱার্ধা (৪৫.৫ ডিগ্রী চেলছিয়াছ), পঞ্জাবৰ ফৰিদকোট (৪৫.২ ডিগ্রী চেলছিয়াছ), হাৰিয়ানাৰ ৰোহটক (৪৪.৬ ডিগ্রী চেলছিয়াছ), ওড়িশাৰ ঝাৰশুগুড়া (৪৪.৬ ডিগ্রী চেলছিয়াছ), গুজৰাটৰ সুৰেন্দ্রনগৰ (৪৪.৪ ডিগ্রী চেলছিয়াছ), আহমেদাবাদ (৪৩.৮ ডিগ্রী চেলছিয়াছ), মহাৰাষ্ট্রৰ নাগপুৰ (৪৪.২ ডিগ্রী চেলছিয়াছ) আৰু মধ্যপ্রদেশৰ ইণ্ডোৰ (৪৪.২ ডিগ্রী চেলছিয়াছ)৷
এনে পৰিস্থিতিত প্রচণ্ড গ্রীষ্মৰ কবলত পৰা ওড়িশাত সকলো চৰকাৰী–বেচৰকাৰী বিদ্যালয়ত সোমবাৰৰে পৰা আগতীয়াকৈ গৰমৰ বন্ধ ঘোষণা কৰা হৈছে৷ এই সন্দর্ভত ওড়িশা চৰকাৰৰ বিদ্যালয় আৰু সামূহিক শিক্ষা বিভাগে যোৱা ২৫ এপ্রিলত এক নির্দেশনা জাৰি কৰে৷ বতৰ বিজ্ঞানীসকলৰ অনুমান মতে উত্তৰপ্রদেশ আৰু ৰাজস্থানত তাপমান ৪৮ ডিগ্রী চেলছিয়াছ হ’ব পাৰে৷ যাৰ বাবে জনসাধাৰণক সতর্ক থাকিবলৈ তেওঁলোকে পৰামর্শ দিছে৷ বিশেষকৈ শিশু আৰু বয়োজ্যেষ্ঠ লোকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে৷ সেইদৰে দেশৰ আন কেইবাখনো ৰাজ্যতো তাপমান আৰু অধিক ঊর্ধ্বমুখী হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞানীসকলে৷ দিল্লীসহ উত্তৰ ভাৰতৰ কথাতো বাদেই, পূব ভাৰততো অনাগত দিনত তাপমান ৪৩–৪৫ ডিগ্রী চেলছিয়াছ হ’ব পাৰে৷ উত্তৰপ্রদেশ, মধ্যপ্রদেশ, ছত্তিশগড় আৰু ঝাৰখণ্ডে এইবাৰ গৰমৰ ক্ষেত্রত সর্বকালৰ ৰেকর্ড ভংগ কৰাৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে মৌচম ভৱনে৷
ইফালে, অসমত শেহতীয়াকৈ অব্যাহত থকা বৰষুণৰ ফলত তাপমাত্রা বৃদ্ধি হোৱা নাই৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানৰ আগজাননীত কোৱা হৈছে– অহা তিনি মে’পর্যন্ত ৰাজ্যখনৰ ঠায়ে ঠায়ে বৰষুণৰ সম্ভাৱনা আছে৷ ঠাইবিশেষে বলিব পাৰে ধুমুহাও৷