ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল : গুৱাহাটীৰ মঠঘৰীয়াত সংঘটিত শিহৰণকাৰী পথ দুৰ্ঘটনাৰ একাধিক গুৰুত্বপূৰ্ণ তথ্য তদন্তত পোহৰলৈ আহিছে। যান-বাহন আৰক্ষীৰ DCP জয়ন্ত বৰাই সংবাদমেলযোগে এই সন্দৰ্ভত একাধিক তথ্য প্ৰকাশ কৰে।
আৰক্ষীৰ তথ্য অনুসৰি, দুৰ্ঘটনাত জড়িত বাহনখনত থকা GPSৰ সহায়ত বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা হৈছে। ২৫ এপ্ৰিলৰ দিনৰ ভাগত ভাৰ্গৱ ডেকাৰ পৰা ছামিম আহমেদে ছুইফট বাহনখন লৈছিল। তাৰ পিছত সেই বাহনখনতেই আকাংক্ষা শইকীয়া, পূজা সাহা আৰু আৰ্মিনা আহমেদক লৈ কমেডী শ্ব’ চাবলৈ গৈছিল ছামিম আহমেদে।
নিশা ১১ বজাৰ পৰা পুৱতি নিশা প্ৰায় ৩ বজালৈ ভঙাগড় অঞ্চলত আছিল ছুইফট বাহনখন। ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলৰ এখন বাৰত পুৱতি নিশা ৩ বজালৈকে পাৰ্টী কৰিছিল ছামিমসহ তিনি যুৱতীয়ে। পাৰ্টীৰ অন্তত বাৰখনত ১৯ হাজাৰ টকাৰ বিল পৰিশোধ কৰি তাৰ পৰা ওলাই আহিছিল তেওঁলোক।
পুৱতি নিশা ৩ বজাত ভঙাগড়ৰ পৰা ওলাই গুৱাহাটীৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰে ছামিমসহ আকাংক্ষা, পূজা আৰু আৰ্মিনাই। সেই সময়ত বাহনখনৰ গতিবেগ প্ৰতি ঘণ্টাত ১৩৫ কিলোমিটাৰ আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
ইয়াৰ পিছতে পুৱতি নিশা ৪ বাজি ২ মিনিটত মঠঘৰীয়াত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। সেই সময়ত বাহনখনৰ গতিবেগ আছিল প্ৰতি ঘণ্টাত ৯৬ কিলোমিটাৰ।
মঠঘৰীয়াত ৰৈ থকা ট্ৰাকত খুন্দিওৱাৰ পিছতে দুৰ্ঘটনাস্থলী ত্যাগ কৰি পলায়ন কৰে ছামিম আহমেদে। আৰক্ষীৰ মতে, দুৰ্ঘটনাৰ পিছত অৰুণাচললৈ পলায়নৰ পৰিকল্পনা কৰিছিল তেওঁ। পলায়নৰ সময়ত শ্বিলঙত দাড়ি-চুলি কাটি নিজৰ বেশ সলনি কৰিছিল ছামিমে। তাৰ পিছত লাহোৱালত আত্মগোপন কৰি আছিল। অৱশেষত আৰক্ষীৰ অভিযানত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হয় ছামিম আহমেদ।