নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত দুর্নীতিগ্রস্ত বন বিষয়া–কর্মচাৰীক গ্রেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহৰ ভূমি বেদখল কৰা লোকক উচ্ছেদ কৰিবলৈ বন বিভাগ তথা প্রশাসনে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে যদিও এই লোকসকলক বনাঞ্চলত অবৈধভাৱে সংস্থাপিত কৰাৰ আঁৰত একাংশ বন বিভাগৰ লোক থকাৰ তথ্য পোহৰলৈ আহিছে৷ ধনৰ বিনিময়ত বন বিভাগৰে একাংশ বিষয়া–কর্মচাৰীয়ে বনাঞ্চলৰ ভূমিত সন্দেহযুক্ত লোকক সংস্থাপিত কৰিছে৷ কালি নিশা হোজাই জিলাৰ আৰক্ষীয়ে লামডিং সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক সংস্থাপিত কৰাৰ অভিযোগত নখুঁটিৰ এজন খণ্ড বন বিষয়া আৰু এজন বনকর্মীক গ্রেপ্তাৰ কৰে৷ ধৃত বন বিষয়াজনৰ নাম হবিবুৰ ৰহমান আৰু বনকর্মীজনৰ নাম আব্দুল কালাম৷ লামডিং সংৰক্ষিত বনাঞ্চলত ধনৰ বিনিময়ত বেদখলকাৰীক সংস্থাপিত কৰা একাংশ ভূ–মাফিয়া তথা মাটিৰ দালালৰ বিৰুদ্ধে লামডিং আৰক্ষী থানাত ২২৪/২১ নম্বৰত এটা গোচৰ ৰুজু হৈছিল৷ এই গোচৰৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে অভিযান চলাই ইতিপূর্বে ড০ ৰহমত আলী লস্কৰ নামৰ এজন তথাকথিত প্রকৃতিপ্রেমীৰ লগতে আন ৭জন মাটিৰ দালালক গ্রেপ্তাৰ কৰিছিল৷ আনকি আৰক্ষীৰ গুলীত নজৰুল ইছলাম নামৰ এজন মাটিৰ দালাল আহতও হৈছিল৷

শেহতীয়াকৈ এই অভিযানৰ অংশস্বৰূপে বন বিভাগৰে দুজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰা কার্যই প্রতিক্রিয়া সৃষ্টি কৰিছে৷ বুধবাৰে দুয়োজন বন বিভাগৰ লোকক আৰক্ষীয়ে হোজাই জিলাৰ শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰায়৷তাৎপর্যপূর্ণ যে ইতিপূর্বে আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা লোকসকল হৈছে– মাটিৰ দালাল নজৰুল ইছলাম, আনোৱাৰ হুছেইন, যৌথ বন পৰিচালনা সমিতিৰ প্রাক্তন সভাপতি আফজল হুছেইন, আবুল হুছেইন, আফাজউদ্দিন আহমেদ, মোহন ওৰফে মহিবুৰ ৰহমান, আবু বক্কৰ ছিদ্দিক আৰু তথাকথিত প্রকৃতিপ্রেমী ড০ ৰহমত আলী লস্কৰ৷ লামডিং সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক সংস্থাপিত কৰাৰ অভিযোগত যৌথ বন পৰিচালনা সমিতিৰ প্রাক্তন সভাপতি, তথাকথিত প্রকৃতিপ্রেমীৰ পৰা ধৰি বন বিভাগৰ লোক গ্রেপ্তাৰ হোৱা কার্যই বন বিভাগৰ একাংশ বিষয়া–কর্মচাৰীৰ জ্ঞাতসাৰেই বনাঞ্চলৰ ভূমি যে বেদখল হৈছিল, এই কথা পোহৰলৈ আহিছে৷

উল্লেখ্য যে দক্ষিণ নগাঁও বন সংমণ্ডল আৰু নগাঁও বন সংমণ্ডলৰ একাংশ দুর্নীতিগ্রস্ত বন বিষয়া–কর্মচাৰীৰ লগত গোপন বুজাবুজিৰে নগাঁও আৰু হোজাই দুয়োখন জিলাৰে বনাঞ্চল বন মাফিয়াই ধ্বংস কৰি আহিছে৷ বনাঞ্চল তথা পাহাৰৰ গছ কাটি তহিলং কৰিছে বন মাফিয়াই৷ একেদৰে অবৈধ শিলৰ কোৱেৰী স্থাপনেৰে পাহৰ খনন কৰাৰ লগতে নদীৰ পৰা অবাধে বালি খান্দি আহিছে৷ দীর্ঘদিন ধৰি বন বিভাগৰ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে বিভাগটোৰ শীর্ষ কর্তৃপক্ষই কোনো ধৰণৰ পদক্ষেপ গ্রহণ কৰা নাছিল যদিও শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ স্থিতিৰ পৰিপ্রেক্ষিতত এনে ধৰণৰ দুর্ণীতিগ্রস্ত বন বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে বিভাগীয় কর্তৃপক্ষ তৎপৰ হৈ পৰাটো শুভলক্ষণ বুলিয়েই চিহ্ণিত হৈছে৷

ইপিনে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা বন বিষয়া হবিবুৰ ৰহমানে এয়া তেওঁৰ বিৰুদ্ধে ষডযন্ত্র বুলি মন্তব্য কৰে৷ বন বিষয়া ৰহমানে যৌথ বন পৰিচালনা সমিতিৰ একাংশ লোকে তেওঁৰ বিৰুদ্ধে ষডযন্ত্র কৰি তেওঁক ফচোৱা বুলি মন্তব্য কৰে৷ হোজাই আৰক্ষীৰ সূত্রে জানিব পৰা মতে, আৰক্ষীৰ অভিযানত বন বিভাগৰ কেইবাজনো লোকৰ লগতে ৰাজনৈতিকভাৱে প্রভাৱ থকা একাংশ লোকো লামডিং সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক সংস্থাপিত কৰাৰ অভিযোগত গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে লামডিং সংৰক্ষিত বনাঞ্চলত বর্তমানলৈকে কমৰপানী, ভেটনলা, ঠেডংনলা, লাংচিপাৰা, হাজিবস্তি আদি অঞ্চলত বেদখলকাৰীক উচ্ছেদ কৰা হৈছে৷ বর্তমানলৈকে উচ্ছেদ কৰা বনাঞ্চলৰ পৰিমাণ ১৪১০ বিঘা৷ ৪ দিনৰ উচ্ছেদ অভিযানত মুঠ ৭২৬টা পৰিয়ালক উচ্ছেদ কৰা হৈছে৷

You might also like