নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেৰিব্ৰেল পালচীত ভোগা শিশুৰ বাবে জিএমচিএইচত খুলিব সুকীয়া বিভাগ, ১২ জানুৱাৰীত ৰোগীৰ পঞ্জীয়ন শিবিৰ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ জটিল ৰোগত আক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। স্নেহস্পৰ্শ আঁচনিৰ জৰিয়তে ১২ বছৰ বয়সলৈকে জটিল ৰোগত আক্ৰান্ত সকলো শিশুৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে বিশেষ পঞ্জীয়ন শিবিৰ। অহা ১২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হ’ব এই বিশেষ শিবিৰ।

জন্মগত স্নায়ুৰোগ, চেৰিব্ৰেল পালচী, মটৰ নিউৰনৰ বিসংগতি থকা শিশুৱে নাম পঞ্জীয়ন কৰাৰ পিছত চৰকাৰৰ পৰা বিশেষ সাহায্য লাভ কৰিব। এই প্ৰসংগত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ‘অসম চৰকাৰে চেৰিব্ৰেল পালচীৰ ওপৰত অহা ১২ তাৰিখে এটা কাৰ্যসূচী লৈছে। কাউনছেলিঙৰ পিছত অভিভাৱকক প্ৰথম ভাগত ৫০,০০০ টকা প্ৰদান কৰা হব। কিয়নো এই অসুখৰ চিকিৎসাৰ বাব অকুপেছনেল থেৰাপী, স্পিচ্ছ থেৰাপী, ফিজিকেল থেৰাপী আদি বিভিন্ন থেৰাপী দিব লগা হয়। আৰু ই অতি খৰচী। সাধাৰণ মানুহৰ বাবে ইয়াৰ চিকিৎসা সম্ভৱ নহয়।’

গতিকে ১২ জানুৱাৰীত এইক্ষেত্ৰত প্ৰথমটো স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ১২ তাৰিখেই নহয় প্ৰতিমাহৰ কোনো এটা দিনত এই শিবিৰ হ’ব। গতিকে ১২ তাৰিখেই শেষদিন বুলি ধৰিব নালাগে। আনহাতে শিবিৰত ৰোগী শিশুক নানিলেও হ’ব যদিও শিশুটি সম্বন্ধীয় নথিপত্ৰৰ লগতে ৰোগৰ উপযুক্ত কাগজ-পত্ৰৰ প্ৰয়োজন হ’ব।

এই সম্পৰ্কে স্বাস্থ্য বিভাগে বিজ্ঞাপনৰ সহায়ত প্ৰতিমাহৰ তাৰিখ নিৰ্ধাৰণ কৰি দিব। উল্লেখ্য, চেৰিব্ৰেল পালচীত আক্ৰান্ত শিশুৰ স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটা সুকীয়া বিভাগ মুকলি কৰাৰ পৰিকল্পনা কৰিছে বুলি জনায় ড০ হিমন্ত বিশ্ব শমাই।

You might also like