নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমিকাৰ সৈতে পলাল দৰা; পলম নকৰি কইনায়ো কৰিলে আনএজনৰে বিয়া

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ কোৱা হয় যে যোৰাবোৰ ঈশ্বৰে তৈয়াৰ কৰি পঠায়, কিন্তু যদি দৰাই নিজৰ প্ৰেমিকাৰ সৈতে পলায় যায় তেতিয়া? হয় এনে এক ঘটনাই ঘটিছে কৰ্ণাটকত।

কৰ্ণাটকৰ চিকামাগালুৰু জিলাত বিবাহ বিচ্ছেদৰ এনে এক ঘটনাই পোহৰলৈ আহিছে। য’ত পত্নী হ’বলগীয়া কইনাক বিবাহ মণ্ডপতে এৰি নিজৰ প্ৰেমিকাৰ সৈতে পলায় যায় দৰা। ইপিনে এই ঘটনাৰ পাছত কইনায়ো বিশেষ দেৰি নকৰিলে। আৰু বিয়ালৈ অহা বৰযাত্ৰীৰ সৈতে অহা এজন যুৱকৰ সৈতে বিবাহ কৰে।

লগতে পঢ়কঃ ক’ভিড প্ৰট’কল ভাঙি বিপদত প্ৰিয়ংকা!

জানিব পৰা মতে, বিবাহৰ দিনাই দৰাৰ প্ৰেমিকাই তেওঁক আনগৰাকী যুৱতীৰ সৈতে বিবাহত বহিলে, বিবাহ অনুষ্ঠানলৈ আহি বিহ খাই প্ৰাণ ত্যাগৰ ধমকি দিয়ে। এই ভয়ৰ বাবেই দৰাই বিবাহ অনুষ্ঠান ত্যাগ কৰি নিজৰ প্ৰেমিকাৰ সৈতে পলায়ন কৰে।

You might also like