নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত পৰিত্যক্ত বিলাসী বাহনত ছাগলী উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰী : শিৱসাগৰৰ বিভিন্ন অঞ্চলত এটা গভাইত চোৰৰ দলে গোহালিৰ পৰাই হালৰ গৰু, পথৰ কাষৰ পৰাই ছাগলী চুৰি কৰি সন্ত্ৰাস চলাই অহাৰ ঘটনাই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই এইবাৰ পথৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা বিলাসী বাহনৰ পৰা ছাৰিটাকৈ ছাগলী উদ্ধাৰ হোৱাৰ ঘটনাই তুমূল চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শিৱসাগৰ চহৰৰ গাতে লাগি থকা ঐতিহ্যমণ্ডিত জয়সাগৰৰ মানকটা আলিৰ কাষত আজি দিনৰ ভাগত এখন ৰঙা ৰঙৰ পৰিত্যক্ত বিলাসী ভাৰ্ণা গাড়ীৰ ডিকিৰ পৰা ছাৰিটাকৈ ছাগলী উদ্ধাৰ হোৱাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷স্থানীয় ৰাইজে উদ্ধাৰকৃৰ্ত ভাৰ্ণা গাড়ী খন গাড়ী চোৰৰ দলে ব্যৱহাৰ কৰা গাড়ী বুলি সন্দেহ কৰাৰ লগতে উদ্ধাৰকৃৰ্ত ছাগলী সমুহ পথৰ কাষৰ পৰা চুৰি কৰি অনা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, জিলাখনৰ আনস্থানৰ লগতে জয়সাগৰ অঞ্চলত বিগত কিছুদিন ধৰি ব্যাপক হাৰত গোহালিৰ পৰা গৰু, পথৰ কাষৰ পৰা ছাগলীৰ লগতে দলনিৰ মাজত চৰিবলৈ এৰি দিয়া দুটাকৈ ম’হ চুৰি হোৱাৰ ঘটনাৰ পিছতেই স্থানীয় ৰাইজে যি কোনো সন্দেহজনক বাহণৰ চলাচলত চোকা দৃষ্টি ৰাখিছিল ৷ জানিব পৰা মতে আজি পুঁৱাৰ ভাগত মানকটা তিনি আলিৰ পৰা মাত্ৰ পঞ্চাশ ফুট নিলগত পুৰণি এ টি ৰোডৰ ওপৰত শিৱসাগৰ অভিমুখী এ এছ ২৩ এফ, ৭০৪৬ নম্বৰৰ ৰঙা ৰঙৰ ভাৰ্ণা গাড়ী খন ৰখাই থোৱা প্ৰতক্ষ্য কৰে ৷ কিন্তু দীৰ্ঘ সময় ধৰি গাড়ী খনৰ কাষলৈ কোনো ব্যক্তি নহাত ৰাইজে সন্দেহ প্ৰকাশ কৰি জয়সাগৰ আৰক্ষীক অৱগত কৰে ৷এই খবৰ লাভ কৰিয়েই জয়সাগৰ আৰক্ষীৰ এটা দল উক্ত স্থানত উপস্থিত হৈ গাড়ী খনৰ ডিকিৰ পৰা চাৰিটাকৈ ছাগলী উদ্ধাৰ কৰাৰ পিছতেই গাড়ী খন চোৰৰ দলে ব্যৱহাৰ কৰা গাড়ী বুলি নিশ্ছিত হয় ৷ ইতিমধ্যে ৰাইজৰ উপস্থিতিত আৰক্ষীয়ে ছাগলীসহ গাড়ী খন জব্দ কৰি জয়সাগৰ আৰক্ষী নিবেশলৈ আনিছে ৷ আনহাতে জব্দকৃত ভাৰ্ণা গাড়ী খনৰ সন্দৰ্ভতো পোহৰলৈ আহিছে আন কেতবোৰ তথ্য ৷ তিনিচুকীয়া পৰিবহণ বিভাগৰ কাৰ্য্যালয়ত ৩ অক্টোবৰ ২০০৮ চনত পঞ্জীয়নভুক্ত গাড়ী খনৰ ফিটনেচ, ইঞ্চিউৰেঞ্চ, টেস্ক আৰু প্ৰদূষণ প্ৰমাণ পত্ৰৰ ম্যাদ বিগত ২০২৩ চনৰ মাৰ্চ মাহতেই ওকলি গৈছে ৷ জব্দকৃত গাড়ীখন বৰ্তমান সময়ত প্ৰকৃত গৰাকীৰ নামত আছে নে আন দ্বিতীয় ব্যক্তিলৈ বিক্ৰি সুত্ৰে হস্তান্তৰ কৰা হৈছে সেইয়া শেহতীয়া তথ্যত উপলদ্ধ হোৱা নাই ৷ যাৰ বাবে তিনিচুকীয়াৰ নিদিষ্ট স্থানত সংশ্লিষ্ট তথ্যৰ ভিত্তিত অনুসন্ধান চলালেই পলমকৈ হ’লেও উজনিৰ তিনিখনকৈ জিলাত গৰু, ছাগলী, ম’হ চুৰিৰে সন্ত্ৰাস চলাই অহা চক্ৰটোৰ নিশ্ছিত সম্ভেদ ওলোৱাৰ সম্ভাৱনা ঘণীভূত হৈ পৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like