নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাট-মৈৰাবাৰীৰ চাইবাৰ অপৰাধীৰ সাম্ৰাজ্যত আৰক্ষীৰ ছাৰ্জিকেল ষ্ট্ৰাইক

ডুবাইবস্তিত মৰিগাঁও আৰক্ষীৰ বৃহৎ অভিযান
আৰক্ষীৰ জালত কুখ্যাত চিৰাজুলসহ ১৬টা চাইবাৰ অপৰাধী

বাৰ্তা বুৰো, মৰিগাঁও, ৭ ফেব্ৰুৱাৰীঃ চাইবাৰ অপৰাধ আৰু ভুৱা বিত্তীয় লেনদেনৰ বিৰুদ্ধে কঠোৰ অভিযান চলাইছে মৰিগাঁও আৰক্ষীয়ে। চাইবাৰ অপৰাধৰ মূল অভিকেন্দ্ৰ হৈ পৰা মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু মৈৰাবাৰীৰ মাজ ভাগত কেইবাটাও বিশেষ স্থানত কালি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এক বৃহৎ অভিযান চলায়। উল্লেখ্য যে চাইবাৰ অপৰাধীৰ ভাষাত ডুবাইবস্তি ৰূপে জনাজাত এই অঞ্চলটোৰ মুঠ ২২টা স্থানত ১১টা আৰক্ষীৰ দলে হঠাৎ অভিযান চলাই কুখ্যাত চাইবাৰ অপৰাধী চিৰাজুল ইছলামসহ ১৬টা অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে আন তিনিজন ব্যক্তিক সোধাপোছা কৰি থকা হৈছে। উল্লেখ্য যে এক্সিছ বেংকৰ মৰিগাঁও নগৰ শাখাৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি এই অপৰাধীকেইটাই মাথোঁ কেইটিমান দিনৰ ভিতৰতে প্ৰায় ১০ কোটি টকাৰ ভুৱা বিত্তীয় লেনদেন কৰিছিল। উল্লেখ্য যে এক্সিছ বেংকৰ বিভিন্ন ব্যক্তিৰ নামত অহা ক্ৰেডিট কাৰ্ড অফাৰ ব্যক্তিজনে গম নোপোৱাকৈ এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল। গ্ৰেপ্তাৰ হোৱা অপৰাধীকেইটা ক্ৰমে চিৰাজুল, জুৱেৰ, মুচৰাফ, মুস্তাফিজুৰ, বুন বুন, আজমল, মুচফিজুৰ, ইকামুল, নেকিবুৰ, ইকবল, শ্বাহৰুখ, হাৰুণ অল ৰছিদ। আজি সংবাদ মেল অনুষ্ঠিত কৰি মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই কয় যে চাইবাৰ অপৰাধৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান অব্যাহত থাকিব আৰু আৰু বিগত এটা বৰ্ষত মৰিগাঁও আৰক্ষীৰ অভিযানত ১৫৭টা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হৈছে আৰু এই অভিযান অধিক তীব্রতৰ হব।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like