নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ দিনত চাকৰিৰ বিনিময়ত লৈছিল লাখ লাখ টকা : মন্ত্ৰী পীয়ূষ হাজৰীকা

গহপুৰত অনুষ্ঠিত হল ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ জানুৱাৰীঃ চলিত সপ্তাহত মুখ্যমন্ত্ৰীকে ধৰি প্ৰত্যেকজন মন্ত্ৰীয়ে অসমৰ প্ৰতি সমষ্টিত ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত এই কাৰ্যসূচীত অংশ লোৱাৰ লগতে মন্ত্ৰী পীযুষ হাজৰীকাই গহপুৰৰ কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশ লয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্যসূচীৰ যোগেদি অসমত ১০,৭৩,৪৯০খন ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী হাতত লৈছে ৰাজ্য চৰকাৰে। ইয়াৰ জৰিয়তে ৰাজ্যত ৪২,৮৫,৭৪৫ গৰাকী হিতাধিকাৰী লাভান্বিত হ’ব। এই ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰত্যেক জন লোকে বিনামূলীয়াকৈ ৫ কেজিকৈ চাউল লাভ কৰিবলৈ সক্ষম হ’ব। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেবিনেট বৈঠকত ৪ লাখ টকাৰ তলৰ যিসকল ব্যক্তিৰ উপাৰ্জন হয় তেওঁলোকে এই আচঁনিৰ জৰিয়তে ৰেচন কাৰ্ড লাভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। ইয়াৰ জৰিয়তে অসমত প্ৰায় ২ কোটি লোকে বিনামূলীয়াকৈ চাউল পাব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে, যিসকল লোকে এই ৰেচন কাৰ্ড লাভ কৰিব তেওঁলোকে মুখ্যমন্ত্ৰীৰ আয়ুস্মান কাৰ্ড লাভ কৰিবলৈ সক্ষম হ’ব। এই আয়ুস্মান কাৰ্ডৰ জৰিয়তে বছৰত পৰিয়ালটোৰ সকলোৱে ৫ লাখ টকালৈকে চিকিৎসা সেৱা লাভ কৰাৰ সুবিধা পাব। অসমক পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত নিবৰ বাবে ৰাজ্য চৰকাৰে এই কাম কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। গহপুৰত পথ উন্নয়নৰ বাবে ১০০ কোটিৰো অধিক টকা প্ৰদান কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। চত্ৰং নদীৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ ৰেল পথৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ মধ্য চত্ৰঙৰ বৰ্ধিত অঞ্চলক সামৰি এক বান সুৰক্ষা বান্ধ নিৰ্মাণ কাৰ্যৰ শিলান্যাস কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, প্ৰায় ১৯.৯৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব লগা এই বান্ধে চহৰ খনক এক দীৰ্ঘ দিনীয়া সমস্যাৰ পৰা সকাহ তথা মুক্তি দিবলৈ সক্ষম হ’ব। সমষ্টিটো এনে উন্নয়নৰ জৰিয়তে বান মুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী হাজৰীকাই। লগতে তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ ১ লাখ নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সদায় প্ৰতিশ্ৰুতি বদ্ধ। কিছু দিনৰ ভিতৰতে এই সংখ্যা অতিক্ৰম কৰি ৰাজ্যত ১ লাখ ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ ভাষণত কয় যে আগতে কংগ্ৰেছ চৰকাৰৰ দিনত চৰকাৰী চাকৰি লাভ কৰিবলৈ লাখ লাখ টকা দিব লাগিছিল। আজিৰ দিনত তথা বিজেপি চৰকাৰৰ দিনত দুখীয়া ঘৰৰ লোকে চাকৰি পোৱাৰ লগতে সম্পূৰ্ণ মেধাৰ ভিত্তিত চৰকাৰী নিযুক্তি সম্পন্ন হৈছে। এইখন চৰকাৰৰ দিনতে অৰোণোডয় আঁচনিৰ জৰিয়তে ২৭ লাখ পৰিয়ালে মাহে ১২৫০ টকাকৈ আৰ্থিক অনুদান লাভ কৰিছে বুলি মন্তব্য কৰি কয় যে, খুব কম দিনৰ ভিতৰতে মাহে ১৪৫০ টকাকৈ এই আৰ্থিক লাভালাভ অসমৰ ৰাইজে লাভ কৰিব। কংগ্ৰেছ চৰকাৰৰ দিনত ৫০-৬০ লাখ টকা দি এপিএচি চাকৰি লাভ কৰিছিল। বৰ্তমান চৰকাৰৰ দিনত সম্পূৰ্ণ স্বচ্ছভাৱে এই নিযুক্তি হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, স্থানীয় বিধায়ক উৎপল বৰা, বিশ্বনাথ জিলাৰ আয়ক্ত, আৰক্ষী অধীক্ষকৰ লগতে বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

You might also like