নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ ল’বলৈ অগণন মহিলাৰ ভিৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : মঙলবাৰৰ পুৱাৰে পৰা পঞ্চায়তে-পঞ্চায়তে ভিৰ কৰিছে সহস্ৰাধিক মহিলাই। গ্ৰাম্য সংগঠনৰ সদস্যাসকলে ভিৰ কৰিছে এখন প্ৰ-পত্ৰ বিচাৰি। দহ হাজাৰ টকা পাব প্ৰ-পত্ৰ পূৰণ কৰি জমা দিয়াৰ পাছত। তাৰ বাবেই সকলোৱে লগাইছে হেতাওপৰা। পুৱাতেই সকলোৱে ৰৈ আছে শাৰী পাতি। নগৰবেৰা পঞ্চায়তৰ মঙলবাৰৰ দুপৰীয়াৰ ভাগত প্ৰ-পত্ৰ নিবলৈ মহিলাসকলৰ অভিলেখসংখ্যক ভিৰ। সমৱেত মহিলা সদস্যাসকলৰ বহুতেই আকৌ বুজি নাপায় কিহৰ প্ৰ-পত্ৰ। সকলোকে অহা দেখি নিজেও আহি পুৱাতেই থিয় হৈছে পঞ্চায়তৰ চোতালত। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ প্ৰ-পত্ৰ নিবলৈ ভিৰ কৰিছে গ্ৰাম্য সংগঠনৰ মহিলা সদস্যাসকলে। যেনিয়ে চায় তেনিয়ে মাথোঁ মহিলাৰ সমাগম।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like