হাইলাকান্দি জিলাৰ কেঞ্চাৰ ৰোগীসকলৰ বাবে আহিল এক ডাঙৰ স্বস্তিৰ খবৰ। দীৰ্ঘদিন ধৰি কেমোথেৰাপীৰ বাবে ৰোগীসকলে শিলচৰ, গুৱাহাটী অথবা ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া হৈছিল যদিও এতিয়াৰ পৰা সেই সেৱা হাইলাকান্দিতেই লাভ কৰিব। মঙলবাৰৰ পৰা হাইলাকান্দিৰ এছ. কে. ৰয় চিভিল হাস্পতালত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে ‘ডে কেয়াৰ কেঞ্চাৰ চেণ্টাৰ’, য’ত কেঞ্চাৰ ৰোগীসকলক কেমোথেৰাপী সেৱা প্ৰদান কৰা হ’ব।
নৱগঠিত এই কেন্দ্ৰটোৰ উদ্বোধন কৰে হাইলাকান্দিৰ বিধায়ক ড০ মিলন দাস। অনুষ্ঠানত উপস্থিত আছিল হাস্পতালৰ ছুপাৰ ডাঃ দেৱব্ৰত দত্ত, অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) হৃষীকেশ বৰুৱা আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰী তথা চিকিৎসকসকল।
জানিব পৰা মতে, টাটা কেঞ্চাৰ হাস্পতাল, শিলচৰৰ সহযোগিতাত এই সেৱা আৰম্ভ কৰা হৈছে। সম্পূৰ্ণ বিনামূলীয়াকৈ কেঞ্চাৰ ৰোগীসকলক কেমোথেৰাপী প্ৰদান কৰা হ’ব। ইয়াৰ ফলত জিলাখনৰ অসংখ্য ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক তথা মানসিক দুৰ্ভোগ যথেষ্ট হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰা হৈছে।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক ড০ মিলন দাসে কয় যে হাইলাকান্দিৰ লোকসকলে যাতে উন্নত স্বাস্থ্যসেৱা নিজ জিলাতেই লাভ কৰে, তাৰ বাবে চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আছে। ডে কেয়াৰ কেঞ্চাৰ চেণ্টাৰ আৰম্ভ হোৱাৰ ফলত জিলাখনৰ কেঞ্চাৰ ৰোগীসকল বিশেষভাৱে উপকৃত হ’ব।
ডিজিটেল ডেস্ক, ২ জুন