আজি ২২ ফেব্রুৱাৰী, ফাগুন মাহৰ ৯ তাৰিখ
দেওবাৰ : তিথি– শুক্লা পঞ্চমী, নক্ষত্র : অশ্বিনী, যাত্রা : শুভ
মেষ : আর্থিক দিশত বেছি বাধা নাপাব৷ দৈহিক দিশত বিষ–বেদনা থাকিব৷ প্রেম–প্রণয়ত সাৱধান৷
বৃষ : কর্মক্ষেত্রতো সৰু-সুৰা বাধা আহিব পাৰে। দিনটোত আর্থিক সমস্যা থাকিব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷
মিথুন : শৰীৰ প্রায় অনুকূলমুখী৷ বিদ্যাত যত্নৱান হওক, অযথা কামত সময় নষ্ট নকৰাই ভাল৷ আর্থিকত শুভ ফল পাব। ব্যৱসায়ত মধ্যম উন্নতি৷ সন্তান সম্ভৱা মহিলাসকল সাৱধানে থাকিব৷
কর্কট : ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব৷ কর্মক্ষেত্রত শুভ ফল পাব৷ শৰীৰ আৰু পৰিৱেশ কিছু প্রতিকূল থাকিব৷
সিংহ : আর্থিক বাধা নাপাব। শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে৷ ব্যৱসায়ত শুভ ফল পাব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷
কন্যা : দিনটো উন্নত নহ’ব পাৰে। ঘৰুৱা কাৰণত মন বেয়া হ’ব পাৰে৷ আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল৷ দাম্পত্যত শুভ৷
তুলা : একাধিক কথাত মন বিক্ষিপ্ত থাকিব৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব৷ প্রেমত বাধা। ঘৰুৱা শুভ৷
বৃশ্চিক : পুৱাৰ ভাগত মনটোত উদ্বেগ দেখা যায়৷ ভ্রমণ কৰিব পাৰে৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক৷ প্রেমত শুভ৷
ধনু : ব্যৱসায়ত মধ্যম৷ শাৰীৰিক দিশত দুর্বলতা থাকিব৷ সন্তানৰ শুভ৷ প্রেমত অস্থিৰতা থাকিব৷ দাম্পত্যত মধ্যম৷
মকৰ : কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰি ৰাখিব৷ আর্থিকত বেয়া নহ’ব৷ প্রেম–প্রীতিত আন্তৰিকতা৷
কুম্ভ : দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব৷ ব্যৱসায়ত মধ্যম৷ দাম্পত্যত মতানৈক্য সৃষ্টি৷ বিদ্যাত শুভ৷
মীন : ঘৰুৱা পৰিৱেশ অনুকূল৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব৷ শৰীৰ বেয়া নাযাব৷ প্রেমত শুভ৷