নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গৰু বিহুঃ ক’ৰোনাকালতো ৰঙালীৰ উছাহত উখল–মাখল ৰাজ্য

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ ফুল ফুলক বা নুফুলক আজি বসন্ত৷ ৰুক্ষ শীতে ৰিক্ত হাতেৰে বিদায় লোৱাৰ পিছত বসন্তই আনিছে সতেজতাৰ আমেজ৷ সেই অনুভূতিৰেই গভীৰ প্রত্যয়েৰে কবিয়ে ঘোষণা কৰিছিল – ফুল ফুলক বা নুফুলক আজি বসন্ত৷ একেই উদ্দীপনাৰে অসমবাসীয়ে আজি ক’ব খুজিছে – ক’ভিড থাকক বা নাথাকক, এইবেলি আমি বিহু পাতিমেই৷ তাৰ পিছতো ক’ভিড বিধিৰ লগত যাতে কোনো বুজাপৰা নহয় তাৰ বাবে চৰকাৰ–প্রশাসনে ৰাখিছে কঠোৰ দৃষ্টি৷

মহামাৰীৰ মাজতো বিহু উদযাপনৰ এক সুকীয়া অভিজ্ঞতাৰ সাক্ষী হ’বলৈ আগবাঢ়িছে ৰাজ্যবাসী৷ বিগত ব’হাগত হেঁপাহৰ বিহুটি উদযাপনৰ কোনো সুৰুঙাই নাছিল৷ পৃথিৱী ছানি ধৰিছিল মহামাৰীয়ে৷ বিশ্ববাসী হৈ পৰিছিল গৃহবন্দী৷ অসমো আছিল লকডাউনৰ কবলত৷ এছ এম এছ, সামাজিক মাধ্যমেই আছিল শুভেচ্ছা বিনিময়ৰ একমাত্র মাধ্যম৷

এনে এক বেদনাগধুৰ সময় অতিক্রম কৰাৰ পিছত এইবাৰ বসন্তৰ পৰিৱেশ সামান্য উন্নত৷ শুকান চ’তৰ সামৰণিত ব’হাগ এতিয়া পদূলিমুখত৷ গছে পাতে অন্তহীন সেউজীয়াৰ পয়োভৰ৷ বতাহত বিয়পিছে কপৌ–কেতেকীৰ সুগন্ধি৷ আকাশ–বতাহ কঁপিছে ঢোল–পেঁপাৰ মাতত৷ উজনিৰ পৰা নামনিলৈ অসমীয়াৰ সিৰাই সিৰাই প্রৱাহিত হৈছে নতুন উদ্দীপনাৰ লহৰ৷ ব’হাগ মানেই নতুনৰ আৱাহন৷ ব’হাগ মানেই সতেজ আৰু সেউজ৷ অসমীয়াৰ বাবে ব’হাগৰ মাদকতা ইমানতেই শেষ নহয়৷ ব’হাগ আমাৰ গণজীৱনৰ সাহ৷ সেইবাবেই মহামাৰীৰ লগত চলি থকা কঠিন যুঁজৰ মাজত ব’হাগেই কঢ়িয়াই আনিছে সময়ৰ প্রত্যাহ্বান মোকাবিলা কৰাৰ সাহস৷

ক’ভিডৰ ভয়াৱহতা মনত ৰাখিও, স্বাস্থ্যবিধিৰ প্রতি সচেতন হৈও প্রতিগৰাকী অসমবাসী সাজু হৈছে প্রাণৰ ৰঙালী বিহুটি উদযাপনৰ বাবে৷ কাইলৈ গৰু বিহু৷ ক’ৰোনা কালত সকলো সাৱধানতা অৱলম্বন কৰি অসমবাসীয়ে পুৱাই গোহালিৰ গৰু হালক নৈ, পুখুৰীত গা ধুৱাই লাউ–বেঙেনাৰ মালা পিন্ধাব৷ এয়া পৰম্পৰা৷ তাতেই লুকাই আছে বিহুৰ মাদকতা৷ সমৃদ্ধিৰ প্রার্থনা৷ একে সময়তে সমগ্র অসম মুখৰ হৈ পৰিব সুললিত বিহুগীত, ঢোলৰ চাপৰ আৰু বাঁহী–পেঁপাৰ লিহিৰি সুৰত৷ এটা বছৰৰ বিৰতিত বিহুটি উদ্যাপন কৰিবলৈ পোৱাত উজনি–নামনি এতিয়া উখল–মাখল হৈ পৰিছে৷

ডেকা–গাভৰু, জীয়ৰী–বোৱাৰী সকলো ব্যস্ত বিহুৰ আয়োজন৷ ঘৰে ঘৰে লাড়ু–পিঠাৰ সুস্বাদু সম্ভাৰ৷ পথাৰত–মঞ্চত ৰঙালী বিহুৰ বিশাল আয়োজন৷ ঠায়ে ঠায়ে চলিছে বিহুগীত–বিহুনৃত্যৰ আখৰা৷ দূৰৈৰ কোনোবা অচিনাকি গাঁৱৰ পৰা ভাহি অহা বিহুগীতৰ কলি, বাঁহীৰ উন্মনা সুৰে টোপনি কাঢ়ি নিছে শোৱাপাটীলৈ যোৱা গাভৰুজনীৰ৷ কামৰ ফাঁকে ফাঁকে অসমীয়া ডেকাৰ মুখৰ পৰা নিগৰিছে বিহুগীতৰ সুৰ৷ এনে এক চঞ্চল সময়ত সমগ্র অসম আলোড়িত কৰি ঢোলে–দগৰে আহিছে ৰঙালী বিহু৷ সুদীর্ঘ সময়ৰ পিছত বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে অসমৰ স্বনামধন্য, জনপ্রিয় শিল্পীসকল৷

অৱশ্যে এইবেলি বিহুতলীত ৰাতি পুৱাই দিয়াৰ পৰিৱেশ নাথাকিব৷ সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক হোৱাৰ লগতে ৰাতি ১১ বজাত সামৰিব লাগিব বিহুৰ অনুষ্ঠান৷ সকলো মানি লৈয়ে এইবাৰ অসমবাসীয়ে উলাহেৰে উদ্যাপন কৰিব প্রাণাধিক ৰঙালী বিহুটি৷ অন্ততঃ প্রিয়জনৰ কাষ চাপি শুভেচ্ছা–আশীর্বাদ বিনিময় কৰাৰ পৰিৱেশ এটা আহিছে৷ বিহুৱানখন নিজ হাতে তুলি দিব পৰা যাব৷ কাল ক’ৰোনাৰ ধাৰাবাহিক সংক্রমণে সন্ত্রস্ত কৰি পেলোৱা এই ভয়াৱহ পৰিৱেশত ইজনে–সিজনৰ বাবে সাহস হৈ থিয় দিব পাৰিব৷ সেইবাবেই এইবাৰৰ বিহুটিৰ আছে অনেক তাৎপর্য৷

ব’হাগ সঁচাকৈয়ে কেৱল এটি মাহ বা ঋতু হৈ ৰোৱা নাই৷ ব’হাগ হৈ পৰিছে গণজীৱনৰ সাহ৷ এই সাহসেৰে অসমীয়া জাতি সাহসী হৈ উঠিব৷ সকলো প্রত্যাহ্বান নেওচি সন্মুখলৈ অগ্রসৰ হ’ব পৰাকৈ শক্তিশালী হওক– ৰোগাক্রান্ত সময়ত এয়াই অসমবাসীৰ একান্ত কামনা৷

You might also like