অখিল গগৈ-কংগ্ৰেছক তীব্ৰ আক্রমণ সাংসদ ৰঞ্জিত দত্তৰ
২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক-পৰিস্থিতিত বিহালীত বিজেপিৰ সাংসদ ৰঞ্জিত দত্তই তীব্ৰ ভাষাৰে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ নেতৃত্বৰ বিৰুদ্ধে মন্তব্য আগবঢ়াইছে। সাংসদগৰাকীৰ দাবী, কংগ্ৰেছৰ সাংস্কৃতিক আচৰণে ৰাইজক এৰি থকাৰ পৰম্পৰা বজাই ৰাখিছে, আৰু তেওঁলোকে ভোট চোৰৰ নামত থানাত ব্যস্ত।
সাংসদ ৰঞ্জিত দত্তই কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক আক্রমণ কৰি কয়, “যি সময়ত বিৰোধী ৰাইজৰ মাজত থাকিব লাগিছিল, সেই সময়ত তেওঁলোকে থানাত এজাহাৰ দাখিল কৰাত ব্যস্ত। কংগ্ৰেছৰ সংস্কৃতি মানেই ৰাইজক এৰি চলা।”
ইফালে, অখিল গগৈক লৈ দত্তই বিস্ফোৰক মন্তব্য কৰে। এজন মন্ত্ৰীৰ পৰা ২০ কোটি টকা বিচৰা অভিযোগৰ প্রসঙ্গত তেওঁ কয়, “অখিল গগৈৰ ধন বিচৰা কাৰ্য নতুন নহয়। আন্দোলনৰ সময়তো তেওঁ কাৰ পৰা কিমান ধন সংগ্ৰহ কৰিছিল, তাৰ তথ্য বিজেপিৰ হাতত আছে।”
সাংসদগৰাকীয়ে বিহালীৰ আসনখনক লৈও স্পষ্ট সূচনা কৰিছে। তেওঁ কয়, “বিহালীৰ পৰা কোনো বহিৰাগতই বিজেপিৰ টিকট লাভ নকৰে। স্থানীয় নেতা মুনীন্দ্ৰ দাস বা অৰূপ কুমাৰ দাসৰ মাজৰ পৰা প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।” লগতে তেওঁ উল্লেখ কৰে যে বিৰোধীয়ে CPI(ML)ক এৰি দিয়াটো নিশ্চিত।
বিহালীৰ থলুৱা ৰাজনীতিত এই মন্তব্যই নতুন উত্তেজনা সৃষ্টি কৰিছে। সাংসদগৰাকীৰ এই তীব্ৰ মন্তব্যই নিৰ্বাচনী প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত স্থানীয় নেতাসকলৰ প্ৰতি শক্তিশালী সংকেত প্ৰদান কৰিছে।
ডিজিটেল ডেস্ক, ১০ জানুৱাৰী