নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌৰশক্তিক বিকাশৰ আধাৰ ৰূপে গঢ়াৰ পৰিকল্পনা চৰকাৰৰ

ডিজিটেল ডেস্ক, ১ জানুৱাৰী : সাম্প্রতিক সময়ত বিকল্প শক্তি ৰূপে সমাদৃত হৈছে সৌৰশক্তি৷ পৰম্পৰাগত ইন্ধন তথা শক্তিৰ ব্যৱহাৰেৰে পৰিৱেশ পৰিস্থিতিতন্ত্রত বিভিন্ন সমস্যাৰ সৃষ্টি কৰাৰ সময়তে সৌৰশক্তিক বিকাশৰ আধাৰ ৰূপে গঢ়াৰ পৰিকল্পনা গ্রহণ কৰিছে ৰাজ্য চৰকাৰৰ বিজ্ঞান-প্রযুক্তিবিদ্যা বিভাগৰ অধীনস্থ অসম শক্তি উন্নয়ন অভিকৰণে৷ সৌৰশক্তিৰ ব্যাপক প্রসাৰে ৰাজ্যৰ জনসাধাৰণৰ মাজত জনপ্রিয়তা লাভ কৰাৰ সময়তে অভিকৰণে ৩৫খন জিলাৰ ৩৫খন গাঁৱক আদর্শ সৌৰগাঁও ৰূপে গঢ়ি তোলাৰ পৰিকল্পনা গ্রহণ কৰিছে৷

সুখৰ বিষয় এয়ে যে ইংৰাজী নৱবর্ষ ২০২৬ৰ পৰা এই প্রক্রিয়াৰ আৰম্ভণি হ’ব৷ অভিকৰণৰ সঞ্চালক ড০ জয়দীপ বৰুৱাই সদৰী কৰা মতে, প্রধানমন্ত্রী সূর্যঘৰ আদর্শ সৌৰ গ্রাম আঁচনিৰ অধীনত ৰাজ্যৰ ৩৫খন জিলাৰ পৰা একোখনকৈ গাঁৱক আদর্শ সৌৰগাঁও ৰূপে গঢ়ি তোলাৰ বাবে বাছনি কৰা হ’ব৷ এই গাঁওসমূহত অভিকৰণে সৌৰশক্তিক বিকাশৰ আধাৰ ৰূপে গঢ়ি তোলাৰ ক্ষেত্রত প্রয়োজনীয় ব্যৱস্থাসমূহ গ্রহণ কৰিব৷ ইতিমধ্যে এই গাঁওসমূহ নির্বাচন কৰাৰ বাবে জিলা পর্যায়ত এক প্রতিযোগিতা অনুষ্ঠিত হৈছে৷ প্রতিখন গাঁৱৰ নামত কেন্দ্রীয় চৰকাৰে এক কোটি টকাকৈ খৰচ কৰিব৷ কিন্তু কিধৰণে এই গাঁওসমূহক বিকাশৰ আধাৰ ৰূপে গঢ়ি তোলা হ’ব, এই সন্দর্ভত সোধা এক প্রশ্ণৰ উত্তৰত সঞ্চালক ড০ বৰুৱাই কয় যে উক্ত গাঁওসমূহ নির্বাচনৰ অন্তত তাত নাগৰিকৰ প্রয়োজনীয় ব্যৱস্থাসমূহ বিচাৰ কৰি সেইবোৰ পৰম্পৰাগত বিদ্যুৎ শক্তিৰ প্রয়োগ অবিহনে সৌৰশক্তিৰে কিদৰে পৰিচালনা কৰিব পাৰি, তাৰ ওপৰত ব্যৱস্থা লোৱা হ’ব৷ যদিও এই প্রকল্পৰ মূল ন’ডেল এজেঞ্চী কেন্দ্রীয় চৰকাৰ, কিন্তু ৰাজ্যত অসম শক্তি উন্নয়ন অভিকৰণে মূল এজেঞ্চী ৰূপে কাম কৰিব৷

উক্ত গাঁওসমূহ নির্বাচনৰ পাছত তাত প্রয়োজনীয় জলসিঞ্চনৰ ব্যৱস্থা, ষ্ট্রীটলাইট তথা আন ৰাজহুৱা ব্যৱস্থাসমূহ সৌৰশক্তিৰে পৰিচালনা কৰাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা কৰা হ’ব৷ অৱশ্যে বর্তমানলৈকে সকলো পর্যালোচনা কৰি থকা হৈছে যদিও নতুন বছৰৰ আৰম্ভণিতে অভিকৰণে এইক্ষেত্রত বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুত কৰি কেন্দ্রীয় চৰকাৰক প্রেৰণ কৰিব৷ তাৰ পাছতে এই প্রকল্প ৰূপায়ণৰ কাম আৰম্ভ কৰা হ’ব৷ মূলতঃ সৌৰশক্তি জনমুখী কৰি তোলাৰ লগতে চহৰাঞ্চলৰ বাদেও গ্রামাঞ্চলতো সৌৰশক্তিৰ সম্ভাৱনীয়তা সম্পর্কে ৰাইজক সজাগ কৰাৰ ক্ষেত্রত এই প্রকল্পই যথেষ্ট সহায় কৰিব বুলি আশা প্রকাশ কৰিছে অসম শক্তি উন্নয়ন অভিকৰণে৷

বিজ্ঞান-প্রযুক্তিৰে সমৃদ্ধ হ’ব নৱবর্ষ–২০২৬

বিজ্ঞান-প্রযুক্তিবিদ্যাৰ সমাহাৰেৰে ইংৰাজী নৱবর্ষ–২০২৬ক সমৃদ্ধ কৰি ৰাজ্যত বিজ্ঞানমনস্কতাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বদ্ধপৰিকৰ অসম বিজ্ঞান–প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ৷ নতুন ইংৰাজী নৱবর্ষত ৰাজ্যজুৰি ৰাইজৰ মাজত বিজ্ঞানমনস্কতাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ ৰাজ্যৰ ৫ জিলাত পৰিষদে মুকলি কৰিব ৫টাকৈ বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহ৷ পৰিষদৰ সঞ্চালক ড০ জয়দীপ বৰুৱাই সদৰী কৰা মতে, নতুন ইংৰাজী নৱবর্ষ অসমৰ বিজ্ঞান-প্রযুক্তিবিদ্যাৰ ক্ষেত্রত এক উল্লেখনীয় বর্ষ ৰূপে পৰিগণিত হ’ব৷

লক্ষণীয় যে পৰিষদে ৰাজ্যৰ ৫ স্থানত বিজ্ঞান কেন্দ্র–তাৰকাগৃহৰ লগতে গ্রহণ কৰিছে বিজ্ঞান নগৰীৰ দৰে এক অভিলাষী প্রকল্প৷ সোণাপুৰত প্রায় ৩০০ কোটি টকা ব্যয়সাপেক্ষে নির্মীয়মাণ অৱস্থাত আছে বিজ্ঞান নগৰী৷ ইংৰাজী নৱবর্ষ-২০২৬ৰ আৰম্ভণিতে এই অভিলাষী প্রকল্প ৰাইজৰ বাবে মুকলি কৰাৰ পদক্ষেপ লৈছে পৰিষদে৷ তেওঁ কয় যে বিজ্ঞান–প্রযুক্তিবিদ্যাৰ বিভিন্ন সমাহাৰেৰে পৰিপুষ্ট বিজ্ঞান নগৰীত থাকিব কেইবাটাও অভিলাষী প্রকল্প৷ ইয়াৰ ভিতৰত গেট কমপ্লেক্স য’ত চাৰিটাকৈ গেলেৰী থাকিব৷ বিজ্ঞান সম্পর্কীয় বিভিন্ন প্রদর্শনী এই গেলেৰীসমূহত পৰিদর্শনৰ ব্যৱস্থা থাকিব৷ তদুপৰি স্পেচ অ’ডিচিয়া নামেৰে আন এক প্রকল্পও বিজ্ঞান নগৰীত থাকিব৷ এই প্রকল্পত তাৰকাগৃহৰ লগতে জ্যোতির্বিজ্ঞান সম্পর্কীয় আন এক গেলেৰী থাকিব৷ সৌৰ মণ্ডলৰ বিভিন্ন গ্রহ–নক্ষত্রৰ তথ্যসম্বলিত এই কেন্দ্রটোৱে তাৰকা বিজ্ঞানৰ প্রতি আগ্রহী ছাত্র–ছাত্রীসকলক যথেষ্ট লাভান্বিত কৰিব৷ ইয়াৰ বাহিৰেও ছায়েঞ্চ ডিছক’ভাৰী কমপ্লেক্স নামৰ আন এক প্রকল্পও বিজ্ঞান নগৰীত থাকিব৷ এই প্রকল্পত বিভিন্ন বিজ্ঞান প্রদর্শনীৰ লগতে উদ্ভাৱনীমূলক কাম–কাজসমূহো পৰৱর্তী পর্যায়ত কৰিব পৰা যাব৷ তদুপৰি ডিজিটেল পেনোৰামা নামেৰে আন এক প্রকল্পও বিজ্ঞান নগৰীত পৰৱর্তী সময়ত উপলব্ধ হ’ব৷ য’ত ডিজিটেল ক্ষেত্রখনৰ বিভিন্ন উপাদানসমূহ ছাত্র–ছাত্রীৰ বোধগম্য হোৱাকৈ উপলব্ধ কৰা হ’ব৷

আনহাতে ৰাজ্যৰ ৫ জিলা ক্রমে কামৰূপৰ দদৰা, বঙাইগাঁও, কলিয়াবৰ, মাজুলী আৰু শিলচৰত নির্মীয়মাণ অৱস্থাত থকা জিলা বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহকেইটাও বছৰটোৰ আৰম্ভণিতে মুকলি কৰাৰ পদক্ষেপ লৈছে পৰিষদে৷ সঞ্চালক ড০ বৰুৱাই সদৰী কৰা মতে, এই কেন্দ্রসমূহত থ্রী ডাইমেনচনেল প্রজেকচন পদ্ধতিসম্বলিত তাৰকাগৃহৰ লগতে বিজ্ঞান সম্পর্কেও প্রদর্শনীসমূহ অনুষ্ঠিত কৰাৰ সুবিধা থাকিব৷ ইতিমধ্যে গুৱাহাটী, নলবাৰী, লখিমপুৰ, যোৰহাট আৰু কোকৰাঝাৰত তাৰকাগৃহ আছে যদিও পৰৱর্তী সময়ত আন ১১ স্থান ক্রমে চৰাইদেউ, হাইলাকান্দি, কৰিমগঞ্জ, তেজপুৰ, বিশ্বনাথ, ডিব্রুগড়, গোৱালপাৰা, ধুবুৰী, বাক্সা, ওদালগুৰি, চিৰাঙতো জিলা বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহ স্থাপনৰ কাম অব্যাহত ৰখা হৈছে৷ নতুন বছৰত এই কেন্দ্রকেইটাৰ কাম সম্পূর্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ তদুপৰি ডিফুতো আন এটা বিজ্ঞান–তাৰকাগৃহ নির্মাণৰ বাবে সকলো পদক্ষেপ লোৱা হৈছে যদিও উক্ত প্রকল্প সম্পূর্ণ কৰিবলৈ কিছুদিন সময়ৰ প্রয়োজন হ’ব৷

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানত হ’বলগীয়া এই অভিলাষী প্রকল্পৰ বাবে ৰাজ্য চৰকাৰে ১৭৮ কোটি টকা ইতিমধ্যে আবণ্টন দিছে৷ এই প্রকল্পসমূহ সম্পূর্ণ হৈ উঠিলে ৰাজ্যৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা খণ্ডই এক নতুন মাত্রা লাভ কৰাৰ লগতে বৈজ্ঞানিক গৱেষণাৰ এক পৰিৱেশ বিদ্যায়তনিক মহলত আৰম্ভ হ’ব বুলি আশা প্রকাশ কৰিছে অসম বিজ্ঞান–প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে৷

You might also like