🔹 যোগাযোগ ব্যৱস্থাৰ দ্রুত উন্নয়নত গুৱাহাটী হ’ব বিশ্বৰ বাণিজ্য-পর্যটনৰ কেন্দ্রস্থল
অসম অষ্টলক্ষ্মীৰ ৰাজ্যত পৰিণত হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অভিহিত কৰা অষ্টলক্ষ্মী ৰাজ্যসমূহৰ ভিতৰতে নহয়, দেশৰ ভিতৰত অসম দ্রুত বিকশিত ৰাজ্যত পৰিণত হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ উন্নয়নৰ বাবে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্রকল্প আৰু অভিলাষী আঁচনি ৰূপায়ণ কৰি যোগাযোগ আৰু যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱর্তন আনিছে৷ অসমত পথ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ফলত সামগ্রিক বিকাশ ত্বৰান্বিত হোৱাৰ লগতে অর্থনৈতিক বিকাশ আৰু জনসাধাৰণৰ জীৱন–যাপনৰ মান উন্নত কৰাত সহায় কৰিছে৷ চৰকাৰৰ সদিচ্ছা থাকিলে ৰাজ্যৰ দ্রুত বিকাশ আৰু উন্নয়ন যে সম্ভৱ, সেয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰি দেখুৱাইছে৷
মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত বিগত ৫ বছৰত গুৱাহাটীৰ লগতে ৰাজ্যত ক্ষিপ্রগতিত পথ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধন হৈছে৷ ৰাজ্যৰ জলপথ, স্থলপথ আৰু বিমান ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰিছে৷ এই আঁচনিসমূহৰ ভিতৰত অন্যতম এক গুৰুত্বপূর্ণ অভিলাষী প্রকল্প হ’ল গুৱাহাটীৰ ৰিং ৰোড৷ চলিত বর্ষৰ ১৪ ছেপ্টেম্বৰত ৫,৭২৯ কোটি টকা ব্যয়েৰে নির্মাণ হ’ব লগা গুৱাহাটীৰ ৰিং ৰোড প্রকল্পৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে৷
প্রাৰম্ভিক পর্যায়ত গুৱাহাটীৰ ৰিং ৰোডৰ কাম আৰম্ভ কৰা হৈছে৷ ২০২৭ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূর্ণ হ’বলগীয়া ১২০ কিলোমিটাৰ দৈর্ঘ্যৰ গুৱাহাটীৰ ৰিং ৰোডে শিলচৰ সৌৰাষ্ট্র ইষ্ট–ৱেষ্ট কৰিড’ৰৰ সৈতে সংযোজিত কৰিব৷ কমলপুৰৰ পৰা বাইহাটা চাৰিআলি, পানীখাইতী, চন্দ্রপুৰ হৈ আমচাং অভয়াৰণ্যৰ কাষেৰে সোণাপুৰৰ কপালকাটাত এই গুৱাহাটী ৰিং ৰোড সংযোজিত হ’ব৷ সোণাপুৰৰ পৰা ২৭নং ৰাষ্ট্রীয় ঘাইপথেৰে যোৰাবাট, গুৱাহাটী বাইপাছ হৈ পুনৰ কমলপুৰত সমাপ্ত হ’ব৷ গুৱাহাটীৰ ৰিং ৰোডৰ কমলপুৰৰ পৰা বাইহাটা চাৰিআলি, কুৰুৱা, দেৰগাঁও, কৰৰা, মান্দাকাটা, চুটিকাঘূৰিলৈ চাৰিলেনযুক্ত পথ নির্মাণ হ’ব৷ কুৰুৱাৰ পৰা নাৰেংগী সংযোগী ব্রহ্মপুত্রৰ ওপৰত ছয়লেনযুক্ত তিনি কিলোমিটাৰ দৈর্ঘ্যৰ এখন দলং নির্মাণ হ’ব৷ কমলপুৰৰ পৰা সোণাপুৰ কপালকাটালৈ এই পথছোৱাৰ দৈর্ঘ্য ৫৫ কিলোমিটাৰ৷ ২৭নং ৰাষ্ট্রীয় ঘাইপথৰ যোৰাবাট–গুৱাহাটী বাইপাছৰ বর্তমানৰ চাৰিলেনযুক্ত পথটো ছয়লেনযুক্ত কৰা হ’ব৷
গুৱাহাটীৰ ৰিং ৰোড নির্মাণৰ কাম সম্পূর্ণ হ’লে গুৱাহাটী মহানগৰীত নোসোমোৱাকৈ ২৭নং ৰাষ্ট্রীয় ঘাইপথেৰে শিলচৰ সৌৰাষ্ট্র ইষ্ট–ৱেষ্ট কৰিড’ৰেৰে যাতায়াত কৰিব পাৰিব৷ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ, বিহাৰ, নাগালেণ্ড, ত্রিপুৰালৈ যাতায়াত কৰিব পাৰিব৷ গুৱাহাটীৰ ৰিং ৰোডে শিলচৰ, শ্বিলং, যোৰহাট, তেজপুৰ, যোগীঘোপা আৰু বৰপেটাকো সংযোজিত কৰিব৷ দেশৰ ভিতৰত অন্যতম দ্রুত বিকশিত ৰাজ্যত আত্মপ্রকাশ কৰা অসমক গুৱাহাটী ৰিং ৰোডে যাতায়াত, ব্যৱসায়–বাণিজ্য, পর্যটনৰ ক্ষেত্রখনক এক নতুন মাত্রা প্রদান কৰিব৷ ২০২৫ বর্ষটোক বিদায় দিয়াৰ প্রাক্ক্ষণত বিকশিত ৰাজ্য অসমত নির্মাণৰ কাম আৰম্ভ হোৱা গুৱাহাটীৰ ৰিং ৰোডে ভাৰতৰ মানচিত্রত ৰাজধানী চহৰ গুৱাহাটীক এক নতুন ৰূপত উজলাই তুলিব৷
উৎপল বৰুৱা, ১ জানুৱাৰী :