নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভার্চুৱেল মাধ্যমেৰে ৰাষ্ট্রীয় গ্রাহক দিৱস পালন

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ সমগ্র দেশৰ লগতে আজি কনজুমার্ছ লিগেল প্রটেকচন ফ’ৰামে অসমতো ৰাষ্ট্রীয় গ্রাহক দিৱস পালন কৰে৷ ক’ভিডজনিত পৰিস্থিতিৰ বাবে ফ’ৰামে মূলতঃ ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীৰ মাজত ভার্চুৱেল মাধ্যমেৰে ২০১৯ চনত গ্রাহক সুৰক্ষা আইনত হোৱা সংশোধনীসমূহৰ বিষয়ে সজাগতা অভিযান চলায়৷ ১৯৮৬ চনত আজিৰ দিনটোতে অর্থাৎ ২৪ ডিচেম্বৰত দেশত প্রথমবাৰৰ কাৰণে গ্রাহক সুৰক্ষা আইন কার্যকৰী হৈছিল৷ তেতিয়াৰে পৰা ২৪ ডিচেম্বৰৰ দিনটো ৰাষ্ট্রীয় গ্রাহক দিৱস হিচাপে পালন কৰি অহা হৈছে৷ সুদীর্ঘ ৩৪ বছৰ পিছত ২০১৯ চনত এই আইনখনৰ অধিকাংশ অনুচ্ছেদ সময়ৰ লগত খাপ খোৱাকৈ শক্তিশালীভাৱে সংশোধন কৰা হয়৷ কনজুমার্ছ লিগেল প্রটেকচন ফ’ৰামে আজি গোৰেশ্বৰৰ নিজম বডো, নলবাৰীৰ নাজিয়া চুলতানা আৰু খাৰুপেটীয়াৰ চেমিম আখতাৰাই যৌথভাৱে প্রস্তুত কৰা সজাগতামূলক ভিডি’ৰ জৰিয়তে ছাত্র–ছাত্রীৰ মাজত উপভোক্তা হিচাপে প্রতিজন লোকক গ্রাহক সুৰক্ষা আইনে প্রদান কৰা অধিকাৰৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে৷ এই ভার্চুৱেল সজাগতামূলক কার্যসূচীত কনজুমার্ছ লিগেল প্রটেকচন ফ’ৰামৰ সচিব, অধিবক্তা অজয় হাজৰিকা আৰু যোৰহাট জিলা গ্রাহক আদালতৰ সভাপতি তথা অৱসৰপ্রাপ্ত জিলা ন্যায়াধীশ খগেন দহোটীয়াই অংশ লৈ গ্রাহক সুৰক্ষা আইনৰ সংশোধিত অনুচ্ছেদসমূহৰ বিষয়ে বিস্তৃতভাৱেব্যাখ্যা আগবঢ়ায়৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তেও ফ’ৰামে সংশোধিত গ্রাহক সুৰক্ষা আইনৰ ওপৰত আজি ব্যাপক সজাগতামূলক প্রচাৰ চলায়৷

You might also like