নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজ পৰ্টেলক নাকী লগাবলৈ শীঘ্ৰে আহি আছে নতুন আইনঃ মন্ত্ৰী পীযুষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ৭ জুনঃ নিউজ পৰ্টেলক নাকী লগাবলৈ আহি আছে নতুন আইন। আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

মন্ত্ৰীগৰাকীয়ে কয়, “যেনেকৈ কাঠফুলাৰ দৰে নিউজ পৰ্টেল গঢ় লৈ উঠিছে, তাৰ বিৰুদ্ধে আমি কিন্তু সিদ্ধান্ত ল’ব লাগিব। আমি পৰ্টেল, চেনেল খোলাত বাধা নিদিও, কিন্তু কিছু নীতি-নিৰ্দেশনা থাকিব লাগিব। এই সকলো কথা ভালদৰে পৰ্যবেক্ষণ কৰা হ’ব। যাৰ বাবে আমি শীঘ্ৰে এখন আইন আনিম।”

চাওক সংবাদ মাধ্যমৰ আগত কি কৈছিল মন্ত্ৰী পীযুষ হাজৰিকাই-

You might also like