নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাকুমত চাঞ্চল্য : চিতাৰ পৰা আৰক্ষীয়ে লৈ গ’ল মৃতদেহ

নিয়মীয়া বাৰ্তা,  ১৮ মে’ : চিতাত আত্মীয়ক উঠাই মুখাগ্নি কৰিবলৈ লোৱাৰ প্ৰাকমুহূৰ্তত আৰক্ষীয়ে মৃতদেহ শ্মশানৰ পৰা লৈ যোৱা ঘটনাই মাকুমত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে, মাকুম আৰক্ষী থানাৰ অন্তৰ্গত লোহাৰীপট্টিৰ  সুমিতা ভট্টাচাৰ্য নামৰ মহিলাগৰাকীৰ কালি মৃত্যু হয় বুলি পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে । পৰিয়ালৰ ভাষ্য অনুযায়ী দীৰ্ঘদিন মহিলাগৰাকী তেওঁলোকৰ লগত আছিল। সুমিতা ভট্টাচাৰ্য নামৰ ৬৫ বছৰীয়া অবিবাহিত মহিলাগৰাকীয়ে তেওঁৰ বায়েকৰ লগত মাকুমৰ লোহাৰীপট্টিতেই বসবাস কৰিছিল। আনহাতে, তেওঁৰ চাৰি ভাতৃৰ দুজন ইতিমধ্যে স্বৰ্গগামী হৈছে আৰু দুজনৰ এজন বেংগালুৰু আৰু আনজন ভাতৃ উত্তৰ প্ৰদেশত থাকে। ভাইবোৱাৰী থাকে শিলচৰত। ইতিমধ্যে ১৭ মে’ৰ পুৱা মাকুমৰ ভাগিনীয়েক বিশ্বদীপ ৰায় চৌধুৰীয়ে মাহীয়েকক শুই থকা দেখি চিকিৎসকৰ ওচৰলৈ নিবৰ বাবে পত্নীক কৈ নিজৰ কামৰ বাবে ওলাই যায়। আনহাতে, পত্নী আৰু ওচৰৰ বাসিন্দাই মাকুমৰ চিকিৎসক ডা: কে চি শৰ্মাৰ ওচৰলৈ সুমিতা ভট্টাচাৰ্যক লৈ আনে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। পৰৱৰ্তী সময়ত মাকুমৰ পৰিয়ালে বৈদিক নিয়ম অনুযায়ী মাকুমৰ শ্মশানলৈ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে আনি চিতাত তুলিবলৈ গৈ স্তম্ভিত হৈ পৰে। চিতাত উঠাই লোৱা মৃতদেহ মুখাগ্নি কৰিবলৈ গৈ হতভম্ব হৈ পৰে মাকুমৰ পৰিয়ালবৰ্গ। মাকুম আৰক্ষী শ্মশানত উপস্থিত হৈ মৃতদেহ মুখাগ্নি কৰিবলৈ নিদি মৰণোত্তৰ পৰীক্ষাৰ বাবেহে লৈ যায় । মাকুমৰ পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে যে শিলচৰত থকা আত্মীয়ই সুমিতা ভট্টাচাৰ্যৰ মৃত্যু সহজভাৱে ল’ব নোৱাৰি আৰক্ষীক গোচৰ তৰাত মাকুম আৰক্ষীয়ে আইনসংগত ব্যৱস্থা তৎকালেই কৰিবলৈ বাধ্য হয়। ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।  মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে বিভিন্ন মহলে ।
প্ৰেৰক অখিল চন্দ্ৰ বৰুৱা
You might also like