নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাষা-কলা-সংস্কৃতিলৈ দায়বদ্ধতা বাঢ়িছে নৱপ্ৰজন্মৰ : নৰেশ কলিতা

🔴পহিলা মাঘত লোকাৰণ্য হাৰিভাংগাৰ কলীয়া গোসাঁই মন্দিৰ

🔴সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ উন্মোচন নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাৰ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ ধৰ্ম সংস্কৃতিৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস সন্দৰ্ভত সময়ে সময়ে প্ৰশ্ন উত্থাপন হৈ আহিছে যদিও ধৰ্মীয় উৎসৱ সমূহত সৰ্বসাধাৰণ ৰাইজৰ লগতে বিশেষকৈ যুৱ প্ৰজন্মৰ অংশগ্ৰহণ সমাজখনৰ বাবে ইতিবাচক দিশ। এই কথাই প্ৰমাণ কৰিছে হাৰিভাংগাৰ ইতিহাস প্ৰসিদ্ধ কলীয়া গোসাঁই মন্দিৰৰ পহিলা মাঘৰ ধৰ্মসভাৰ সোণালী জয়ন্তীত হিলদল ভাগি ভক্ত দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰা দৃশ্যই। হাৰিভাংগাৰ কলীয়া গোসাঁই মন্দিৰৰ পহিলা মাঘৰ ধৰ্মসভাৰ সোণালী জয়ন্তীৰ ‘কলীয়া কানাই’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰি এই মন্তব্য কৰে নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাই। ৰাজ্যৰ বিশিষ্ট সাংবাদিকগৰাকীয়ে কয় যে আমি জাতিটোক, ভাষাটোক, ৰাজ্য তথা দেশখনক চহকী কৰিবলৈ হ’লে আমাৰ নিজস্ব কলা, সংস্কৃতি, আধ্যাত্মিক দিশটো শক্তিশালী কৰিব লাগিব। লগতে তেওঁ স্মৃতিগ্ৰন্থৰ জৰিয়তে জাতি তথা ভাষা চহকী হয় বুলি উনুকিয়াই সম্প্ৰতি পঢ়ূৱৈৰ সংখ্যা তুলনামুলকভাৱে কমি যোৱা বুলি উদ্বেগ প্ৰকাশ কৰে। ভাষন প্ৰসংগত তেওঁ নতুন প্ৰজন্মৰ মাজত পঢ়ূৱৈৰ সংখ্য বৃদ্ধি কৰিব লাগিব বুলি মন্তব্য কৰি ছপা মাধ্যমৰ যোগেদি জাতি উজ্জীৱিত হৈছে বুলি দৃঢ়ভাৱে মন্তব্য কৰি অৰুনোদই’ৰ পৰাই সেয়া আৰম্ভণি হোৱা বুলি উল্লেখ কৰে। সেই দিশৰ পৰা নপঢ়িলে ভৱিষ্যতে সমাজখন সুস্থ হৈ থাকিব বুলি আশা কৰিব নোৱাৰি বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ বিশিষ্ট সাংবাদিক গৰাকীয়ে। নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ সাংবাদিক গুণজিৎ কলিতাৰ সম্পাদনাত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘কলীয়া কানাই’ উন্মোচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে “ ভক্তিৰ মাধ্যমেৰে ভগৱান প্ৰাপ্তি হয়। ভক্তি হ’ল ৰসৰ ধাৰা।” ভক্তিৰ চাৰিধাৰা ক্ৰমে ভক্তিমাৰ্গ, জ্ঞান মাৰ্গ, যোগ মাৰ্গ আৰু কৰ্ম মাৰ্গৰ বিশদভাৱে তাত্বিক ব্যাখ্যা আগবঢ়াই উক্ত চাৰি মাৰ্গৰ ভিতৰত ভক্তি মাৰ্গ শ্ৰেষ্ঠ বুলি অভিহিত কৰে মন্ত্ৰী গৰাকীয়ে।শ্ৰী শ্ৰী কলীয়া গোঁসাই মন্দিৰ পৰিচালনা সমিতিৰ স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি ৰাজেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত নাতিদীৰ্ঘ ভাষন আগবঢ়াই মন্ত্ৰী পাটোৱাৰীয়ে ভক্তিৰ মাধ্যমেৰে ভগৱান প্ৰাপ্তি হয় বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। ভাষন প্ৰসংগত মন্ত্ৰী গৰাকীয়ে ভক্ত–ভক্তি আৰু ভগৱানৰ গভীৰ সম্পৰ্ক আছে বুলি কয়। ভাগৱতৰ কেবাটাও শ্লোক আওৰাই তেওঁ কয়– “ভক্তিতেই আছে শক্তি। ভক্তিৰ যোগেদি ঋণাত্মক দিশবোৰ দূৰ কৰি আৰু শান্তি-সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰি এখন সুস্থ-সবল সমাজ গঢ়াৰ দিশত সমৰ্পিতভাৱে কাম কৰি যাব লাগিব।” গুণজিৎ কলিতাই উদ্দ্যেশ্য ব্যাখ্যা আৰু শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত গুৱাহাটী মাৰোৱাৰী সন্মিলনৰ অধ্যক্ষ শংকৰ বিৰলা, টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ, কাৰ্য্যবাহী বিষয়া উপাসনা ডেকা, নলবাৰী জিলা পৰিষদৰ উপসভানেত্ৰী মঞ্জুৰাণী চৌধুৰী, স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ মনজু হালৈ আদি উপস্থিত থাকে। ধৰ্মসভাৰ সোণালী জয়ন্তীৰ কাৰ্য্যসূচী অনুসৰি ১৫ জানুৱাৰীৰ পুৱা শ্ৰী শ্ৰী কলীয়া গোঁসাই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি নৃপেন্দ্ৰ নাথ কলিতাই পতাকা উত্তোলনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫১খন পতাকা উত্তোলন কৰা হয়। অনুষ্ঠানটো আতধৰে কলীয়া গোসাঁই মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক গণেশ কলিতাই ।ইয়াৰ পাছতে শ্ৰীশ্ৰী কলীয়া গোসাঁই মন্দিৰৰ নৱ নিৰ্মিত দুখন তোৰণৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে। অনুষ্ঠানত মূখ্য তোৰণৰ দাতা খগেন্দ্ৰ নাথ তালুকদাৰ আৰু পৰিয়ালবৰ্গৰ লগতে দক্ষিণ দিশৰ তোৰণৰ দাতা গিৰীন্দ্ৰ নাথ হালৈৰ পৰিয়ালবৰ্গ উপস্থিত থাকে।দুপৰীয়া ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মকুন্দ শৰ্মাৰ সঞ্চালনাত “কৃষ্ণ সংস্কৃতি আৰু ভাৰতীয় দৰ্শন” শীৰ্ষক আলোচনা চক্ৰত ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° অমলেন্দু চক্ৰৱৰ্তী ,কৌশিক শৰ্মা আদি বিশিষ্ট ব্যক্তি সকলে আলোচক হিচাপে অংশ গ্ৰহন কৰে। ইপিনে, আজি পবিত্ৰ মাঘ মাহৰ পহিলা দিনটোতে টিহু অঞ্চলৰ মন্দিৰ,নামঘৰ,সত্ৰ, দেৱালয়সমুহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। ইয়াৰ অংশ হিচাপে আজি টিহুৰ হাৰিভাংগা গাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কলীয়া গোসাঁই মন্দিৰত অগণন ভক্ত দৰ্শনাৰ্থীৰে মুখৰিত হৈ পৰে। আজি পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ভক্ত দৰ্শনাৰ্থী শ্ৰীশ্ৰী কলীয়া গোসাঁই মন্দিৰত উপস্থিত হৈ ধূপ দ্বীপ নৈৱ্দ্য আদি আগবঢ়ায়। আজি পহিলা মাঘৰ লগত সংগতি ৰাখি শ্ৰীশ্ৰী কলীয়া গোসাঁই মন্দিৰত আয়োজন কৰা ধৰ্মীয় সভাৰ কাৰ্যসূচী প্ৰভাত ফেৰি আৰু উষা কীৰ্ত্তনেৰে শুভাৰম্ভ কৰা হয়। পুৱা ৮ বজাত মন্দিৰৰ দ্বাৰ উন্মোচনৰ পাছতে ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা‌ উদ্বোধন কৰে শ্ৰীৰাম একাডেমীৰ সঞ্চালক ডঃ দুলাল তালুকদাৰে। ইয়াৰ লগতে ভাগৱত পাঠ, দুপৰীয়া নাম প্ৰসংগ আদি অনুষ্ঠিত হয়। অহা ২২ জানুৱাৰীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰে এই ধৰ্ম সভাৰ সোণালী জয়ন্তীৰ সামৰণি পৰিব । আনপিনে কাইলৈৰ পৰা পাচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে একে স্থানতে অনুষ্ঠিত হ’ব হাৰিভাংগা সভা মহোৎসৱ। ইপিনে আজি পহিলা মাঘৰ দিনটোত পুৱাৰে পৰা টিহু হালধিবাৰীৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী কালী বিষ্ণু মন্দিৰ, নাথকুছি শিৱ মন্দিৰ, টিহু হৰিমন্দিৰ, নতুন বণিয়াকুছি সত্ৰ, নতুন পাকা সত্ৰ, মাখিবাহা, শিয়ালমাৰী, নান্নাট্টাৰী, ভোজকুছি, নতুন লচিমা শিল গোঁসানী থান আদি গাঁও সমুহত থকা সত্ৰ, মন্দিৰ সমুহতো অগণন ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয়।
প্ৰেৰক গুণজিত কলিতা

You might also like