নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ইটালিয়ান ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল’লৈ নিৰ্বাচিত ছাদ্ৰী ভাষাৰ ছবি ‘মিনি’

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জানুৱাৰীঃ ৰাজ্যৰ চাহ উদ্যোগৰ দুশ বছৰীয়া ইতিহাসৰ আলম লৈ অভিনেতা তথা চলচ্চিত্র নিৰ্মাতা পংকজ মহন্ত প্ৰযোজিত চাহ জনগোষ্ঠীয় ছাদ্ৰী ভাষাৰ ছবি ‘মিনি’ ইটালীয়ান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছে। চাহ জনগোষ্ঠীয় লোক সকলৰ টুছু পূজাৰ দিনাই ‘মিনি’য়ে কঢ়িয়াই অনা এই খবৰে ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত আনন্দৰ বন্যা বোৱাইছে। অৰুণজিৎ বড়া পৰিচালিত এই কলা সুলভ তথা প্ৰতীকধৰ্মী চলচ্চিত্রখন ইতিমধ্যে মুম্বাইৰ ‘থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল’ৰ প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে। মুম্বাইত অনুষ্ঠিত ‘নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল’ত শ্ৰেষ্ঠ চলচ্চিত্রৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ছবিখনে আন্ত:ৰাষ্ট্ৰীয় লিয়’নাৰ্ডো খ্ৰোমোভ ফিল্ম ফেষ্টিভেল-২০২৩ আৰু লিফ্ট ইন্ডিয়া ফিল্মোৎসৱৰ ইণ্টাৰনেচনেল চিনে ফেষ্ট – ২০২২লৈ নিৰ্বাচিত মিনি চলচ্চিত্র খন চাহ বাগিচাৰ বনুৱা সকলৰ জীৱনচৰ্যাক ভেটি হিচাবে লৈ নিৰ্মাণ কৰা হৈছে। ছবিখনত উৰ্মিলা মহন্ত আৰু বলোৰাম দাসে দুটা মূল চৰিত্ৰত অভিনয় কৰাৰ লগতে প্ৰযোজক পংকজ মহন্তয়ো এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

You might also like