নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত নিউজ লাইভৰ সাংবাদিকক অভব্য ব্যৱহাৰ জিএছটি বিষয়াৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰী : বছৰৰ এঘাৰটা মাহ কাৰ্য্যালয়ত বহিয়েই পুঁজিপতি ব্যৱসায়িক গোষ্ঠীক কাৰ্য্যালয়লৈ মতাই বুজাবুজিৰে জি এছ টি পৰীক্ষা কৰা জি এছ টিৰ বিষয়াৰ দলে সমাগত মাৰ্চ মাহৰ প্ৰাকমুহূত্বত অংক নিমিলা প্ৰতিষ্ঠানত অভিযান চলোৱাতো নতুন কথা নহয়৷ বিগত বৰ্ষৰ দৰে এইবাৰো হিচাব নিমিলা প্ৰতিষ্ঠানত হিচাব মিলাবলৈ যোৱা জি এছ টি বিষয়াৰ এটা দলে অকাৰণতে দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱা এগৰাকী সংবাদকৰ্মীক চৰম দুৰ্ব্যৱহাৰ কৰাৰ ঘটনাই শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ সম্পুৰ্ণ হিন্দী চিনেমাৰ মাফিয়াৰ কায়দাত নথি পত্ৰ পৰীক্ষা কৰিবলৈ গৈ অনাহকত ৰড ক্ৰয় কৰিবলৈ যোৱা এগৰাকী সংবাদকৰ্মীক দূব্যৱহাৰ কৰা এই ঘটনা সংঘটিত হৈছে জয়সাগৰ অঞ্চলত৷ প্ৰাপ্ত অভিযোগ অনুসৰি নিউজ লাইভৰ ভিডিঅ সাংবাদিক হিমাংশু নেওগে আজি দুপৰীয়া প্ৰায় বাৰ মান বজাত জয়সাগৰত থকা এ বি হাৰ্ডৱেৰ নামৰ প্ৰতিষ্ঠানটোৰ পৰা ৰড ক্ৰয় কৰিবলৈ গৈছিল৷ প্ৰতিষ্ঠানটোৰ গৰাকীৰ সৈতে ৰডৰ মূল্যৰ সম্পৰ্কত বাৰ্তালাপ কৰি থকাৰ সময়তেই অতৰ্কিতে দুখন গাড়ীৰে যোৱা প্ৰায় দহ-বাৰজনীয়া নিজকে জি এছ টি বিভাগৰ অধীক্ষক, উপ আয়ুক্ত বুলি চিনাকি দিয়া এটা দলৰ প্ৰৱেশ ঘটে ৷ সেই সময়ত কাউন্টাৰত বহি থকা সাংবাদিক হিমাংশু নেওগে বয়সতকৈ জেষ্ঠ বিষয়াগৰাকীক সন্মানৰ উদেশ্যে চকীৰ পৰা বহিবলৈ সুবিধা দিয়াৰ লগতে নিজে দ্বিতীয়টো কক্ষত বহিবলৈ যায় ৷ কিন্তু অতি আচৰিত ধৰণে সাইলাখ হিন্দী চিনেমাত দেখুওৱা মাফিয়াৰ আচৰণেৰে এগৰাকী জনৈক আহমেদ উপাধিৰ বিষয়াই সন্মান প্ৰদৰ্শন কৰা সাংবাদিকগৰাকীক তাৎক্ষনিকভাৱে সেই স্থান ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰে ৷গ্ৰাহকৰ ক্ষেত্ৰত সংবিধানে প্ৰদাণ কৰা অধিকাৰ খৰ্ব কৰি চুড়ান্ত অভব্য আচৰণেৰে এইবাৰ পুণৰ সাংবাদিক গৰাকীক চৰম তুচ্চ-তাচিল্যসূচক মন্তৰ্ব্যৰে ভিত্তিহীন ভাৱে আইনী ব্যৱস্থা লোৱাৰ ভাবুকি প্ৰদাণ কৰাত ক্ষোভিত হৈ পৰে সংবাদকৰ্মীগৰাকী ৷ লক্ষণীয়ভাৱে বিষয়াৰ দলটোক নেতৃত্ব প্ৰদাণ কৰা মৰাণৰ নিবাসী এগৰাকী বিষয়া আৰু এগৰাকী মহিলা বিষয়াই এই অভব্য আচৰণৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে যি সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিষয়া কৰ্মচাৰীক ক্ষমতাৰ অপ-ব্যৱহাৰ নকৰিবলৈ তথা সাধাৰণ ব্যক্তিক নম্ৰ ব্যৱহাৰ কৰিবলৈ বাৰম্বাৰ নিৰ্দেশ দিয়াৰ লগতে নিৰিহক অপমান কৰিলে বিষয়াতো বাদেই আয়ুক্তও সাৰি নাযাব বুলি হুংকাৰ প্ৰদান কৰি থৈছে সেই সময়ত শিৱসাগৰস্থিত জি এচ টিৰ বিষয়াৰ দলে নিৰীহ ব্যক্তিক তিনি আলিৰ গুণ্ডাৰ দৰে অভব্য আচৰণ কৰা কাৰ্য্যক সহজ ভাৱে লব পৰা নাই সচেতন মহলে ৷চাৰি বছৰৰ পুৰণি নিমিলা এক ৰহস্যজনক হিচাব মাৰ্চ এণ্ডিঙৰ প্ৰাকঃমুহূত্বত মিলাবলৈ যোৱা জি এচ টিৰ বিষয়াৰ দলটোৱে অৱশ্যে প্ৰতিষ্ঠানটোৰ পৰা এটা লেপটপকে ধৰি দুই এক সামগ্ৰী জব্দ কৰি নিয়ে বুলি জানিব পৰা গৈছে ৷স্মৰ্তব্য যে, শিৱসাগৰত এনে শতাধিক ব্যৱসায়ীক প্ৰতিস্থান আছে যি সমুহে আজিলৈকে গ্ৰাহকক কেচমেমো দিয়াৰ নজিৰেই নাই ৷ খোদ চহৰৰ মাজমজিয়াতেই আছে এনে একাংশ কৰ ফাঁকি, জি এচ টি ফাঁকি দিয়া প্ৰতিষ্ঠানে দৈনিক লাখ লাখ টকাৰ কৰ ফাঁকি দি ৰমৰমীয়া বেপাৰ চলাই আহিছে ৷জি এচ টিৰ কাৰ্য্যালয়তেই ঠিক মতে হিচাব মিলাই থকা এই সকলৰ মাজৰে এগৰাকী ডেকা উপাধীৰ বিষয়াই আকৌ লাইন হোটেল, ধাবা, ৰেষ্টুৰেন্ট অথবা ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীত বহিয়েই বছৰ বছৰ ধৰি মিলাই আহিছে জি এচ টি ৰ পৰীক্ষা আৰু নিমিলা অংকৰ হিচাব ৷সচেতন মহলে মূখ্যমন্ত্ৰীৰ নিদেশক ভৰিৰে মোহাৰি ধন কুবেৰ ব্যৱসায়ীৰ নিমিলা হিচাব মিলাবলৈ গৈ অনাহকত নিৰীহ গ্ৰাহকক চৰম দুব্যৱহাৰ, ভাবুকি প্ৰদাণ কৰা জি এচ টি নামধাৰী বিষয়াৰ দলটোৰ বিৰুদ্ধে তাৎক্ষনিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ লগতে সচেতন ৰাইজে গ্ৰাহকৰুপী নিৰীহ সাংবাদিকক দুব্যৱহাৰ কৰা বিষয়াৰ দলটোৰ বিৰুদ্ধে শীঘ্ৰে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তৰ প্ৰতি আহব্বান জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like