নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ উন্নয়নমুখী চিন্তাৰ প্ৰতি আকৃষ্ট হৈয়ে যোগদান কৰিছোঁ বিজেপিত : কুলদীপ বৰুৱা

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰী : “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি উন্নয়নমুখী যাত্ৰা আমাৰ ৰাজ্যখনত পৰিলক্ষিত হৈছে তাৰ প্ৰতি আকৃষ্ট হৈয়েই ম‌ই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছো। ছিপাঝাৰত যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী বিধায়ক আছেই গতিকে তেখেতক সহযোগ কৰি ছিপাঝাৰ সমষ্টিৰ সৰ্বাংগীণ বিকাশ আৰু উন্নয়নেই হ’ব মোৰ লক্ষ্য।”-ভাৰতীয় জনতা পাৰ্টীৰ ছিপাঝাৰ মণ্ডল কাৰ্যালয়ত সদলবলে উপস্থিত হৈ দলীয় নেতৃত্বৰ সম্ভাষণ কৰি এনেদৰেই বিজেপিৰ প‌্ৰতি আস্থা প্ৰকাশ কৰে কংগ্ৰেছ ত্যাগ কৰি নতুনকৈ বিজেপিত যোগদান কৰা কুলদ্বীপ বৰুৱাই। উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা নতুন মুখৰ ‌প্ৰৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি ভাৰতীয় জনতা পাৰ্টীৰ সন্মুখত এক প্ৰত্যাহ্বান দাঙি ধৰি ৰাজ্যৰ ৰাজনৈতিক মহলৰ দৃষ্টি আকৰ্ষণ কৰা কুলদ্বীপ বৰুৱাই ৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পিছত কালি সন্ধিয়া আহি উপস্থিত হয় ছিপাঝাৰৰ দলীয় কাৰ্যালয়ত। ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মণ্ডল বিজেপিৰ সভাপতি দীপক নাথ, উপ-সভাপতি দিলীপ ডেকা আদিয়ে আদৰণি জনোৱাৰ লগতে সমষ্টিটোৰ চাৰিওটা মণ্ডল সমিতিৰ বিষয়ববীয়াৰ সতেও চা-চিনাকি আৰু মত বিনিময় অনুষ্ঠানত অংশ লয়। ইফালে বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে আৰু বহু কংগ্ৰেছ দলৰ কৰ্মীয়ে বিজেপিত যোগদানৰ বাবে যোগাযোগ চলাই থকা বুলি উল্লেখ কৰি ছিপাঝাৰক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ সকলোৰে সহযোগিতা কামনা কৰে। বিজেপিৰ দলীয় নেতৃবৃন্দৰ আদৰণিত অভিভূত হৈ পৰা কুলদ্বীপ বৰুৱাই আগন্তুক দিনত ছিপাঝাৰৰ উন্নয়নৰ অংশীদাৰ হৈ যোৱাৰো মূকলি প্ৰতিশ্ৰুতি ৰাখে।

প্ৰেৰক ৰণজিত কুমাৰ নাথ

You might also like