নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিকড়ীয়াৰ পাৰ স্তব্ধ কৰি গ’লগৈ বাপুকণ

জন্মভূমি ঢ়কুৱাখনাত শোকাকুল পৰিৱেশ

নিয়মীয়া বাৰ্তা ১৩ মেঃ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, সমালোচক হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্র অসমবাসীৰ লগতে জন্মস্থান ঢ়কুৱাখনাতো শোকৰ ছাঁ পৰিছে৷ তেওঁৰ জন্ম হৈছিল ১৯৩২ চনত ঢ়কুৱাখনাৰ বালি গাঁৱত৷ পিতৃৰ নাম প্রয়াত ইন্দ্রধৰ বৰগোহাঞি আৰু মাতৃৰ নাম প্রয়াত আইতা বৰগোহাঞি৷ ১৯৪৩ চনত তেওঁ ঢ়কুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ পৰা উত্তীর্ণ হৈ প্রথমে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এবছৰ অধ্যয়ন কৰাৰ পাছতে ডিব্রুগড় চৰকাৰী ল’ৰাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি পাছত গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে৷

স্নাতক ডিগ্রী লাভ কৰাৰ পাছতে তেওঁ কেইদিনমানৰ বাবে ঢ়কুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল যদিও পাছত অসম লোকসেৱা পৰীক্ষাত উত্তীর্ণ হৈ এজন প্রশাসনিক বিষয়া হিচাপে কর্মজীৱন আৰম্ভ কৰিছিল যদিও পাছত সেই চাকৰি বাদ দি সাংবাদিকতাৰ জীৱনকহে বাছি লয়৷ তেওঁ জন্মস্থান ঢ়কুৱাখনাৰ বালি গাঁও আৰু চাৰিকডী়য়া নৈৰ লগতে ম’হঘুলি চাপৰিৰ বিষয়ে বহু ৰচনাত লিপিবদ্ধ কৰি থৈ গৈছে৷ শৈশৱতে তেওঁক সকলোৱে বাপুকণ বুলি মাতিছিল৷ সেই বাপুকণ চৰিত্রটোৱেই তেওঁৰ বহু উপন্যাসত স্থান পাইছিল৷ শৈশৱৰ সেই বাপুকণক হেৰুৱাই শোকস্তব্ধ চাৰিকড়ীয়াৰ পাৰ৷

বৰগোহাঞিয়ে শিক্ষা জীৱনৰ পাতনি মেলা ঢ়কুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয় আৰু ৬ মাহৰ বাবে শিক্ষকতা কৰা ঢ়কুৱাখনা আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গভীৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷ বহু স্মৃতিৰে জীপাল হৈ থকা বিদ্যালয় দুখনৰ পৰিয়ালে এক আৱেগবিহ্বল পৰিৱেশৰ মাজত তেওঁৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে বিদ্যালয় দুখনত এক মিনিট সময় মৌন প্রার্থনা জনাই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে৷ তদুপৰি ঢ়কুৱাখনা শাখা সাহিত্য সভা, মহকুমা ছাত্র সন্থা, ঢ়কুৱাখনা প্রেছ গীল্ড, জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, ঢ়কুৱাখনা গন্থমেলা সমিতি, ফাটবিহু সমিতি, ঢ়কুৱাখনা জিলা বিজেপি, ঢ়কুৱাখনা ব্লক কংগ্রেছ আদিকে কৰি বিভিন্ন দল–সংগঠনে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

You might also like